অসম

assam

ETV Bharat / state

বৃহৎ পৰিমাণৰ নগদ ধনসহ আৰক্ষীৰ জালত এজন

গুৱাহাটীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 6 লাখ টকা ৷ বাইকৰে আহি থকা অৱস্থাত দুজন লোকৰ পৰা জব্দ কৰে টকাখিনি ৷ আৰক্ষীয়ে এজনক আটক কৰিবলৈ সক্ষম হৈছে কিন্তু এজন লোক পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

Cash amounting to Rs 6 lakhs recovered from Guwhati
মহানগৰীৰ তেতেলিয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

By

Published : Aug 30, 2020, 3:53 PM IST

গুৱাহাটী, 30 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰে গুৱাহাটী মহানগৰীৰ তেতলীয়াত বৃহৎ পৰিমাণৰ নগদ ধনসহ এজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোকজনৰ নাম ৰুষ্টম আহমেদ বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, এখন পালচাৰ বাহনৰে টকাখিনি লৈ আহিছিল দুজন লোকে । বশিষ্ঠ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত বাইকখন প্ৰত্যক্ষ কৰাত বাইকখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও দুয়ো গৰাকী লোকে আৰক্ষীৰ নিৰ্দেশ পালন নকৰি পলায়ন কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

মহানগৰীৰ তেতেলিয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

পৰৱৰ্তী সময়ত গড়চুক আৰক্ষী আৰু জালুকবাৰী আৰক্ষীয়ে বশিষ্ঠ আৰক্ষীৰ সহযোগত ৰুষ্টম আহমেদ নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজনে সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । ইফালে, আৰক্ষীয়ে জব্দ কৰে AS 25Q 3318 নম্বৰৰ এখন পালচাৰ বাইক । আনহাতে, উদ্ধাৰ কৰা টকাখিনি লোকজনে সামগ্ৰী ক্ৰয় কৰিবলৈ অনা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । তদন্তৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক : কাঠফুলাৰ খেতিৰে স্বাৱলম্বী নাৰায়নপুৰৰ পৰাশ জ্যোতি গগৈ

ABOUT THE AUTHOR

...view details