অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চন্দ্ৰপুৰতো বৃক্ষৰোপণ কাৰ্যসূচী

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বেচৰকাৰী সংস্থা কেয়াৰ লুইতৰ সৌজনত গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত বৃক্ষৰোপন কাৰ্যসূচী পালন কৰে ।

বিশ্ব পৰিৱেশ দিৱস
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চন্দ্ৰপুৰতো বৃক্ষৰোপণ কাৰ্যসূচী

By

Published : Jun 5, 2020, 5:28 PM IST

গুৱাহাটী, ৫ জুনঃবিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা কেয়াৰ লুইতৰ সৌজনত লগতে MY GOVT ASSAM আৰু অসম চৰকাৰৰ বন বিভাগৰ সহযোগত ৰাজ্যৰ ভিন্ন স্থানৰ লগতে চন্দ্ৰপুৰত এক বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চন্দ্ৰপুৰতো বৃক্ষৰোপণ কাৰ্যসূচী

চন্দ্ৰপুৰৰ অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্ব্যন চৌহদত গছ পুলি ৰোপণ কৰা হয় সংস্থাটোৱে । এই গছ পুলি ৰোপণ কাৰ্যসূচীত উপষ্ঠিত থাকে কেয়াৰ লুইতৰ মেনেজিং ট্ৰাষ্টি কিশোৰ জয়ন্ত মাধৱ,অভিৰুচি শাৰীৰিক প্ৰতিষ্ঠানৰ বলেন চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক।

উলেখ্য যে,সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক ব্যৱধান মানি চলি গছ পুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ সজাগতা মূলক চমু বাৰ্তালাপত মিলিত হয় উপষ্টিত লোকসকল।

লগতে পঢ়কঃ গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details