গুৱাহাটী, ১৬ ছেপ্টেম্বৰ:ৰাজ্যত পুনৰ বৃদ্ধি পাইছে গাড়ী চোৰৰ দৌৰাত্ম্য । ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত হ্ৰাস পোৱা নাই গাড়ী চোৰৰ অতপালি । শেহতীয়াকৈ মহানগৰীত পোহৰলৈ আহিছে অনুৰূপ এক ঘটনা ।
কিছুদিন পূৰ্বে সাতগাঁৱৰ এজন লোকে নিজৰ চাৰিচকীয়া বাহনখনৰে গুৱাহাটীৰ পৰা লখিমপুৰলৈ যোৱাৰ পথত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । জানিব পৰা মতে, আমছিং যোৰাবাটৰ বাসিন্দা আইনুল হকে যোৱা ৪ ছেপ্টেম্বৰত দুপৰীয়াৰ ভাগত জালুকবাৰীৰ পৰা AS-01LC-8563 নম্বৰৰ বাহনখনেৰে লখিমপুৰলৈ দুজন যুৱকক যাত্ৰী হিচাপে কঢ়িয়াই নিছিল ।
লগতে পঢ়ক:T20 World Cup ৰ পিছত T20I ৰ অধিনায়ক পদ ত্যাগ কৰিব কিং কোহলীয়ে
কিন্তু গন্তব্য স্থান পোৱাৰ পূৰ্বে লখিমপুৰৰ লালুক অঞ্চলৰ পে'ট্ৰল পাম্পত বাহনত পে'ট্ৰল ভৰাই উভতাৰ সময়ত যাত্ৰীৰূপী যুৱকদ্বয়ে বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰে গাড়ী চালকজনক । তাৰ পিছত অচেতন গাড়ী চালক জনক ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত পেলাই থৈ গাড়ীখন লৈ উধাও হয় যুৱক দুজন ।
বিস্কুট খুৱাই চুৰি কৰিলে ভাড়া গাড়ী দুদিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অচেতন অৱস্থাত পৰি থাকে চালকজন ৷ ৬ ছেপ্টেম্বৰত চেতনা ঘূৰাই পাই কোনো মতে লালুক থানাৰ কাষ চাপে ভুক্তভোগী চালকজন ৷ কিন্তু লালুক থানাৰ আৰক্ষীয়ে তেওঁৰ অৱস্থা দেখি কোনো ভিক্ষাৰী নতুবা মদাহী লোক বুলি ভাবি বিষয়টোক লৈ গুৰুত্ব প্ৰদান নকৰে বুলি অভিযোগ তুলিছে চালকজনে ৷
লগতে পঢ়ক:যুৱ প্ৰজন্মই আঁতৰাব লাগিব ৰাজনীতিৰ লেতেৰাখিনি: জয়পুৰৰ পৰা নোমল মমিনৰে বিশেষ সাক্ষাৎকাৰ
উপায়হীন হৈ চালক জনে কোনো মতে গুৱাহাটী অভিমুখী এখন বাছত উঠি নিজ গৃহলৈ আহিবলৈ সক্ষম হয় । ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে সাতগাঁও থানাত চি চি টিভিৰ ফুটেজ সহ এখন এজাহাৰ দাখিল কৰে যদিও জালুকবাৰী অঞ্চলৰ পৰা যুৱকদ্বয়ে ভাড়াত নিয়াৰ বাবে সাতগাঁও আৰক্ষীয়ে গোচৰটো জালুকবাৰী থানালৈ স্থানান্তৰিত কৰে ।
ইফালে, এই গাড়ী চোৰৰ ঘটনাৰ ১০ দিন অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে অপৰাধী আৰু গাড়ীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । লখিমপুৰৰ লালুকৰ পেট্ৰল পাম্পৰ চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি আৰক্ষীক এজাহাৰৰ লগত দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনক ভাৱে নিৰৱতা অৱলম্বন কৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী চালকগৰাকীৰ লগতে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:ON CAMERA চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত এজন মণ্ডলৰ গুণ্ডাগিৰি