গুৱাহাটী, 19 আগষ্টঃ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । যাৰ বাবে চাৰিচকীয়া বাহন সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে অ' টি ছলিউচন ট্ৰেক এন টেলে অত্যাধুনিক ডিভাইচ নিৰ্মাণ কৰি উলিয়াই । সোমবাৰে মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডডত এক সংবাদমেল সম্বোধন কৰি মুকলি কৰা হয় এই অত্যাধুনিক ডিভাইচটো । এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ জৰিয়তে গাড়ীৰ গতিবিধি প্ৰতিটো মুহূৰ্ততে নজৰত ৰাখিব পাৰিব গৰাকীয়ে । চৰকাৰৰ 'মেক ইন ইণ্ডিয়া'ৰ প্ৰতি দায়বদ্ধ হৈয়ে কোম্পানীটোৱে হাতত লৈছে এই পদক্ষেপ । ইফালে এই নতুন প্ৰযুক্তিৰ ডিভাইচটোত 4জি ছিম সংযোগ কৰা হৈছে । ফলত অনলাইন মেপ, মনোৰঞ্জনৰ বাবে গীত, গাড়ী বিধি, গাড়ীৰ ইঞ্জিনৰ গুনগত মান, ফোন কৰিব পৰা ব্যৱস্থা থাকিব । তাৰোপৰি কেইবাটাও নতুন পদ্ধতি সন্নিবিষ্ট কৰা হৈছে এই ডিভাইচত । যাৰ জৰিয়তে প্ৰতিমূহুৰ্ততে গৰাকীৰ নজৰত থাকিব নিজৰ গাড়ীখন । এই নতুন ডিভাইচটো গাড়ীৰ গৰাকী আৰু গাড়ী নিৰ্মাতাৰ বাবে অধিক লাভদায়ক হ'ব বুলি ধাৰণা কৰা হৈছে । আনহাতে এই 'ইন্টেলিপ্লে এক্সট্ৰিম'ৰ বজাৰ মূল্য হৈছে ২৫হাজাৰৰ পৰা ৩০হাজাৰ । সকলো পৰ্যায়ৰ গ্ৰাহকৰ সুবিধাৰ্থে অতি কম মূল্য নিৰ্ধাৰণ কৰা হৈছে বুলি জনাই কোম্পানীটোৰ সহযোগী প্ৰতিষ্ঠাপক ঋতু গুপ্তাই ।
আপোনাৰ চাৰিচকীয়া বাহনক সুৰক্ষা দিব অত্যাধুনিক ডিভাইচে - ডিভাইচ
চৰকাৰৰ 'মেক ইন ইণ্ডিয়া'ৰ প্ৰতি দায়বদ্ধ হৈয়ে কোম্পানীটোৱে হাতত লৈছে এই পদক্ষেপ । ইফালে এই নতুন প্ৰযুক্তিৰ ডিভাইচটোত 4জি ছিম সংযোগ কৰা হৈছে । ফলত অনলাইন মেপ, মনোৰঞ্জনৰ বাবে গীত, গাড়ী বিধি, গাড়ীৰ ইঞ্জিনৰ গুনগত মান, ফোন কৰিব পৰা ব্যৱস্থা থাকিব ৷
চাৰিচকীয়া বাহন সুৰক্ষিত বাবে নিৰ্মাণ অত্যাধুনিক ডিভাইচ
উল্লেখযোগ্য যে, কোম্পানীটোৱে ভেহিকেল ট্ৰেকিং, ই ম'বিলাইজেচন আদিৰ লগতে ইঞ্জিনৰ গুনগত মান আদিৰ তদাৰকৰ বাবেও জি পি এছ সজুলি আগবঢ়াই বুলি জানিবলৈ দিয়ে ট্ৰেক এন টেলৰ প্ৰতিষ্ঠাপক প্ৰাঞ্চু গুপ্তাই ।