গুৱাহাটী, ২৫ নৱেম্বৰ: দিছপুৰৰ সকলো ৰথী-মহাৰথী এতিয়া ব্যস্ত দিল্লীত (Assam MLA Ministers in Delhi)। অৱশ্যে এই ব্যস্ততাৰ আজি অন্ত পৰিছে যদিও দীৰ্ঘদিন ধৰি দিছপুৰ একপ্ৰকাৰ গৰাকীবিহীন হৈ আছে । এইবাৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত কৰে অসম চৰকাৰে (Lachit Borphukan 400 years birth anniversary)।
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বাবে দেশৰ ৰাজধানী দিল্লীত বিশাল প্ৰস্তুতি চলোৱা হৈছিল । উক্ত কাৰ্যসূচীৰ উদ্দেশ্যে ২৫ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা হৈছিল থীম ছং । অনুষ্ঠান সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আটাইকেইজন মন্ত্ৰী, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ বিষয়াক লৈ মূল কমিটী, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত অভ্যর্থনা উপ সমিতি,
মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত অনুষ্ঠানস্থলী ব্যৱস্থাপনা উপ সমিতি, মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত প্ৰদর্শনী উপ সমিতি, মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত সাংস্কৃতিক উপ-সমিতি, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আলোচনাচক্ৰ উপ সমিতি, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মুকলি সভা উপ সমিতি, মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত তথ্যচিত্ৰ আৰু গ্ৰন্থ উপ-সমিতি, মন্ত্ৰী অতুল বৰাৰ নেতৃত্ব একোমোডেছন উপ-সমিতি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পৰিবহন উপ সমিতি, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত খাদ্য উপ সমিতি, মন্ত্ৰী পীযূষ হাজৰিকাৰ নেতৃত্বত মিডিয়া আৰু প্ৰচাৰ উপ সমিতি গঠন কৰা হৈছিল ।