গুৱাহাটী, ৩০ মাৰ্চ :আজি অনুষ্ঠিত হয় প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । জীৱনৰ প্ৰথমটো অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচত স্বাভাৱিকতে মানসিক চাপৰ সন্মুখীন হৈছিল পৰীক্ষাৰ্থীসকল । প্ৰশ্নকাকত বাতিল হোৱাৰ পাচত বাতিল কৰা বিজ্ঞানৰ পৰীক্ষাৰ দিন আজি ধাৰ্য কৰা হৈছিল । সেই অনুসৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে পৰীক্ষাত বহিল পৰিক্ষাৰ্থীসকল ।
উল্লেখ্য যে, ১৩ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আগদিনা নিশা ছেবাই পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে । লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Assam HSLC Science exam cancelled)। আনকি বহু শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহিহে গম পায় পৰীক্ষা বাতিল হোৱাৰ কথা । ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে ছেবাই নতুন দিন ধাৰ্য কৰি আজি পৰীক্ষা অনুষ্ঠিত কৰে ।
আনহাতে, বিজ্ঞানৰ উপৰি মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰো প্ৰশ্নকাকত ফাদিল হৈছিল (HSLC Exam Question Paper Leaked) । যাৰ বাবে অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰা হয় । বাতিল হোৱা এই অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব । প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা । ১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা । ১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা ।