অসম

assam

ETV Bharat / state

Cancer awareness programme: উদ্বেগজনক; ভাৰতত বছৰি ৮০ হাজাৰ নতুন ৰক্ত কৰ্কট ৰোগী ধৰা পৰে - হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ সংবাদমেল

ভাৰতত বছৰি ১ লাখৰ ভিতৰত ৫.৫ গৰাকী ৰক্ত কৰ্কটত আক্ৰান্ত । এই তথ্য় সদৰী কৰিছে জ্যেষ্ঠ হেমাটোল'জিষ্ট আৰু বিএমটি বিশেষজ্ঞ ডাঃ গণেশ জৈশেতৱাৰে ।

Press Meet of  Yashoda Hospital in Guwahat
হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ সংবাদমেল

By

Published : Jul 23, 2023, 3:19 PM IST

গুৱাহাটী, ২৩ জুলাই: ৰক্ত কৰ্কট ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে শনিবাৰে গুৱাহাটী মহানগৰীত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । ৰক্ত কৰ্কট ৰোগ কেৱল সম্পূৰ্ণৰূপে নিৰাময়যোগ্যই নহয়, বৰঞ্চ সফল চিকিৎসাৰ পিচত এই ৰোগীসকলে এক সম্পূৰ্ণ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে । এই সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে গুৱাহাটীত ৰক্ত কৰ্কট ৰোগৰ পৰা নিৰাময় লাভ কৰা লোকসকলৰ মাজত হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ উদ্যোগত শনিবাৰে এখনি সভা অনুষ্ঠিত কৰা হয় । যথেষ্টসংখ্যক আৰোগ্য হোৱা ৰক্ত কৰ্কট ৰোগী আৰু বহুতো সফল বিএমটি ৰোগীয়ে এই সভাত অংশ গ্ৰহণ কৰে ।

ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত লোকসকলক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে ৰাইজক আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰাটোৱেই এই সভাৰ মূল উদ্দেশ্য বুলি কয় জ্যেষ্ঠ হেমাটোল'জিষ্ট আৰু বিএমটি বিশেষজ্ঞ ডাঃ গণেশ জৈশেতৱাৰে । তেওঁ কয় হেমাটোলজিক কৰ্কট হিচাপে জনাজাত তেজৰ কৰ্কট ৰোগ হৈছে এক প্ৰকাৰৰ কৰ্কট যি তেজ, হাড়ৰ মজ্জা বা লিম্ফেটিক প্ৰণালী প্ৰভাৱিত কৰে । ইয়াত লিউকোমিয়া, লিম্ফোমা, আৰু একাধিক মাইলোমা আদিৰ দৰে ইয়াত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ অন্তৰ্ভুক্ত হৈ থাকে। তেজৰ কৰ্কট ৰোগে যিকোনো বয়স, লিংগ বা জাতিৰ লোকক প্ৰভাৱিত কৰিব পাৰে বুলি তেওঁ কয় ।

হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ সংবাদমেল

জ্যেষ্ঠ হেমাটোল'জিষ্ট আৰু বিএমটি বিশেষজ্ঞ ডাঃ গণেশ জৈশেতৱাৰে পুনৰ কয় যে সকলো কৰ্কট ৰোগৰ ৮.২% ৰক্ত কৰ্কট ৰোগ হয় । ভাৰতত প্ৰতি বছৰে প্ৰতি ১ লাখ জনসংখ্যাৰ ভিতৰত ৫.৫ গৰাকী লোক ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত হয় । অৰ্থাৎ, প্ৰতি বছৰে প্ৰায় ৮০,০০০ নতুন ৰক্ত কৰ্কট ৰোগী ধৰা পৰে। ভাৰতত প্ৰতি ৭ ছেকেণ্ডত একোটা নতুন ৰক্ত কৰ্কট ৰোগ ধৰা পৰে আৰু প্ৰতি ২০ ছেকেণ্ডত ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি মৃত্যুমুখত পৰে বুলিও তেওঁ কয় ।

ডাঃ গণেশ জৈশেতৱাৰে লগতে কয় যে সোমাজিগুড়াস্থিত যশোদা চিকিৎসালয়ৰ হেমাটোল'জী বিভাগ আৰু বিএমটি বিভাগে ইতিমধ্যে কেইবাটাও বিৰল কৃতিত্বৰ অধিকাৰী হৈছে । ইয়াৰ ভিতৰত ভাৰতৰ প্ৰথম সফল ডাবল হেপ্লো-আইডেণ্টিকেল ষ্টেম চেল ট্ৰেন্সপ্লেন্ট, ৬৭ বছৰ বয়সত হোৱা হেপ্লো- আইডেণ্টিকেল ট্ৰেন্সপ্লেন্ট, বিএমটিৰ বাবে দুজন ভাতৃৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথম একক আন্তঃৰাষ্ট্ৰীয় দাতা ষ্টেম চেল, ভাৰতৰ প্ৰথম সফল এক্স ভিভো টি যিয়ে প্ৰাপ্তবয়স্ক ৰোগীসকলৰ বাবে হেপ্লো-আইডেণ্টিকেল বিএমটিৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষেত্ৰত সাফল্য় অৰ্জন কৰা বুলি কয় ।

লগতে পঢ়ক:Manipur sexual assault videos: ভ্ৰমণ পিছুৱাই দিয়ক; স্বাতী মালিৱাললৈ এন বীৰেণ সিং চৰকাৰৰ চিঠি

For All Latest Updates

ABOUT THE AUTHOR

...view details