অসম

assam

ETV Bharat / state

দ্বিতীয় বাৰৰ বাবে বাতিল হ'ল ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা - ক'ভিদ-19 ভাইৰাছ

ক'ভিদ-19 ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰালয়ে জাৰী কৰা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ETV BHARAT
দ্বিতীয় বাৰৰ বাবে বাতিল হ'ল ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

By

Published : Mar 8, 2020, 8:33 PM IST

গুৱাহাটী, ৮ মাৰ্চঃ দ্বিতীয় বাৰৰ বাবে বাতিল হ'ল 33 তম গুৱাহাটী গ্ৰন্থমেলা 2019-20 ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰালয়ে জাৰী কৰা পৰামৰ্শ অনুসৰি বাতিল কৰা হয় এই গ্ৰন্থ মেলা ।

দ্বিতীয় বাৰৰ বাবে বাতিল হ'ল ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অহা 14 মাৰ্চৰ পৰা 25 মাৰ্চলৈ গুৱাহাটীৰ চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হ'ব লগীয়া 33 তম গুৱাহাটী গ্ৰন্থমেলা 2019-20 স্থগিত ৰখা হৈছে ৷ অসম প্ৰশাসন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত আজি জানিবলৈ দিয়ে ৷ সম্প্ৰতি বিশ্বৰ বিভিন্ন স্থানত বিয়পি পৰা COVID-19 ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰালয়ে জাৰী কৰা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক- জীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

ABOUT THE AUTHOR

...view details