অসম

assam

ETV Bharat / state

এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা

২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩০ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ । কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমূহ পালন কৰা হ'ব । এই বিষয়ে জনালে মন্দিৰ পৰিচালনা সমিতিয়ে।

ambubasi mela
এইবাৰো নহয় অম্বুবাচী মেলা

By

Published : Jun 4, 2021, 1:13 PM IST

গুৱাহাটী,৪ জুন :কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো বাতিল হ’ল বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা । এই বিষয়ে জনালে মন্দিৰ পৰিচালনা সমিতিয়ে । উল্লেখ্য যে ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ৩০ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ ।

কৰ’ণা মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত নহয় মা-কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা । দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত এইবাৰো ক'ভিডৰ বাবে অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমূহ পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে সভাত ।

এইবাৰো নহয় অম্বুবাচী মেলা

লগতে মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকৰ ক্ষেত্ৰত মন্দিৰৰ ফালৰ পৰা কোনো ধৰণৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাথাকিব বুলি সদৰি কৰে । প্ৰতিবছৰৰ দৰে এইবছৰো ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ অনুষ্ঠিত হ’ব যদিও ক'ভিড পৰিস্থিতিৰ বাবে এই বছৰো কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰা হ’ব ।

লগতে পঢ়ক:মাৰ্চতে দিয়া এক পত্রত আছে ভয়ংকৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details