গুৱাহাটী,8 জানুৱাৰীঃ গুৱাহাটী ৰে’ল ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে বুধবাৰে জব্দ কৰে দুটা বিশেষ ফাইল । ৰাজস্থানৰ দুগৰাকী ব্যক্তিৰ কৱলৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে এই ফাইল দুটা ৷ ফাইল দুটাৰ ভিতৰত নাই কোনোধৰণৰ নথি-পত্ৰ । ইয়াৰ পৰিৱৰ্তে ফাইল দুটাৰ ভিতৰত ওলায় লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী । চৰকাৰী ৰে’ল আৰক্ষী আৰু সেনাৰ জোৱানে ব্ৰহ্মপুত্ৰ মেইলত এক তালাচী চলাই জব্দ কৰে এই বিশেষ ফাইল দুটা ।
গুৱাহাটী ৰে’ল ষ্টেচনত ফাইলৰ পৰা কি ওলাল !
গুৱাহাটী ৰে’ল ষ্টেচনত ৰাজস্থানৰ দুগৰাকী ব্যক্তিৰ কৱলৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে দুটা ফাইল ৷ ফাইল দুটাৰ ভিতৰত নাই কোনোধৰণৰ নথি-পত্ৰ । ইয়াৰ পৰিৱৰ্তে ফাইল দুটাৰ ভিতৰত ওলায় লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী ।
ৰাজস্থানৰ মণিপাল আৰু ৰোহিতাস কুমাৰ জাট নামৰ ব্যক্তি দুজনে নাগালেণ্ডৰ পৰা দিল্লীলৈ নিচাযুক্ত দ্ৰব্যখিনি নিয়াৰ পথত ধৰা পৰে গুৱাহাটী ৰে’ল আৰক্ষীৰ হাতত । আৰক্ষীয়ে জব্দ কৰা ফাইল দুটাৰ পৰা বাহিৰ হয় 4 কেজি কানি ৷ জব্দ কানিখিনিৰ বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,নতুন বছৰৰ আৰম্ভণিতে চৰকাৰী ৰে’ল আৰক্ষীয়ে কেইবালক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷ কানি সৰবৰাহকাৰী ব্যক্তি দুজনক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে ।
লগতে চাওকঃৰঙিয়াত সাপ্তাহিক মহিলা বজাৰ উদ্বোধন