গুৱাহাটী, 1 জানুৱাৰীঃ2019 চনৰ জানুৱাৰী মাহতে প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ স্বপ্নৰে ওলাই অহা এজাক উদ্যমী যুৱক-যুৱতীৰ এক পদক্ষেপে নতুন বছৰটোৰ পহিলা দিনটোতেই সম্পূৰ্ণ কৰিলে এটা বছৰ । প্লাষ্টিক ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এইসকল যুৱক-যুৱতীয়ে এবছৰে চলাই আহিছে নিৰলস প্ৰচেষ্টা । ২০১৯ চনৰ ১ জানুৱাৰীত উজান বজাৰ ঘাটৰ পৰাই এইসকল যুৱক-যুৱতীয়ে আৰম্ভ কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ ঘাট সমূহৰ পৰিষ্কাৰ অভিযান । এই অভিযানৰ বুধবাৰে এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত দলটোৱে ঘোষণা কৰিলে তেওঁলোকৰ নতুন পৰিকল্পনাৰ কথা । প্ৰত্যেক দেওবাৰেই মহাবাহুৰ ঘাটত পৰিস্কাৰ অভিযান চলাই যুৱক-যুৱতীসকলে সমাজলৈ পঠিয়াব বিচাৰিছে প্লাষ্টিক প্ৰদূষণ মুক্ত এক ভৱিষ্যতৰ বাৰ্তা ।
প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী - campaign against one time used plastic
নতুন বছৰৰ প্ৰথমটো দিনতেই মহানগৰীত সংকল্পবদ্ধ এদল যুৱক-যুৱতী । ৰাইজৰ মাজত জাৱৰ নিষ্কাষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে এবছৰীয়া নিৰলস যাত্ৰা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ ।
উল্লেখযোগ্য যে ,The Mid Way Journey নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লগত জড়িত যুৱক-যুৱতীৰ এটা দলে আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ বিষয়ে যোৱা এবছৰ ধৰি ৰাইজক অৱগত আৰু সজাগ কৰাৰ প্ৰচেষ্টা চলাই আহিছে । পাৰ্যমানে প্লাষ্টিকৰ ব্যৱহাৰ কম কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰিছে দলটোৱে । প্লাষ্টিকৰ সীমিত ব্যৱহাৰেৰে প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ওলাই অহা যুৱক-যুৱতী সকলে জনসাধাৰণৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক সজাগ কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।
লগতে পঢ়ক - ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে মন্ত্ৰী পি চিদাম্বৰমে