কেলটন,এমেইনটেক কনচালটেন্ট,অক্ষয় টেলিকমিউনিকেশ্বনে মূৰ খাইছে অসমীয়া নিবনুৱাৰ - অসম আৰক্ষীৰ উপ পৰিদৰ্ষকৰ পৰীক্ষা
উল্লেখ্য যে, সম্প্ৰতি বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক দায়িত্ব অৰ্পণ কৰিছে । কেৱল আৰক্ষী বিভাগৰ বিভিন্ন পদৰ পৰীক্ষাই নহয়, শেহতীয়াকৈ নিয়োগ,শ্ৰম আৰু মীন বিভাগৰো বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব চৰকাৰে ন্যস্ত কৰিছে এই পৰিষদৰ ওপৰত ।
গুৱাহাটী, ২১ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়ালৈকে এটা বিভাগৰো নিযুক্তি প্ৰক্ৰিয়া বা ইয়াৰ সৈতে জড়িত পৰীক্ষা নিয়াৰিকৈ পাতিবলৈ সক্ষম হোৱা নাই । যতেই হাত দিছে তাতেই কেণা লাগিছে । কোনোবাটোত যদি প্ৰশ্নকাকত ফাদিল হৈছে, আন কোনোবাটো নিযুক্তি প্ৰক্ৰিয়াত উঠিছে দুৰ্নীতিৰ অভিযোগ । ফলত ওলমি ৰৈছে নিযুক্তি প্ৰক্ৰিয়া । ন্যায়ালয়ত চলিছে গোচৰ । শেহতীয়াকৈ দেওবাৰে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ আগে-আগে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই এই ক্ষেত্ৰত চৰকাৰখনৰ দায়িত্বহীনতাকে উদঙাই দিছে ।
উল্লেখ্য যে, সম্প্ৰতি বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক দায়িত্ব অৰ্পণ কৰিছে । কেৱল আৰক্ষী বিভাগৰ বিভিন্ন পদৰ পৰীক্ষাই নহয়, শেহতীয়াকৈ নিয়োগ, শ্ৰম আৰু মীন বিভাগৰো বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব চৰকাৰে ন্যস্ত কৰিছে এই পৰিষদৰ ওপৰত । কিন্তু যিখন নিযুক্তি পৰিষদে নিজৰ বিভাগটোৰেই পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰে । প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হয়, সেইখন পৰিষদে কি বিস্বাসযোগ্যতাৰে আন আন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰশ্ন তুলিছে বিৰোধী কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণে আজি ই টিভি ভাৰতৰ আগত এই প্ৰশ্ন উত্থাপন কৰি কয় যে, অসম আৰক্ষী নিযুক্তি পৰিষদে কোনো পৰীক্ষা নিজে অনুষ্ঠিত নকৰে । কালিৰ বাতিল হোৱা পৰীক্ষাটোও পৰিষদে নিজে অনুষ্ঠিত কৰা নাছিল ।