গুৱাহাটী,৯ জুন: শিক্ষা বিভাগে হঠাৎ ইংৰাজী মাধ্যম জাপি দিয়া কাৰ্যক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদানক লৈ বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়ত্ৰী । চৰকাৰী এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষক সংগঠনসমূহে বিৰোধীতা কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে (AASU protests against Govt) ।
অন্যান্য দল-সংগঠনসমূহেও এই সিদ্ধান্তৰ বিৰোধীতা কৰি আহিছে । শিক্ষাৰ্থীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই । সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই সংবাদ মাধ্যমক জনাই যে, অসম চৰকাৰে ইংৰাজী ভাষাত ষষ্ঠ শ্রেণীত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কৰিবলৈ সময়ে সময়ে দিয়া নির্দেশনা মর্মে শিক্ষক সকলে সযত্নে ইংৰাজী ভাষাত পাঠদান চলাই আহিছে(Teach Science Maths in English from class six) ।
এতিয়া প্রথম গোটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ইংৰাজীত দিয়া প্ৰশ্ন কাকতক কেন্দ্ৰ কৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ আপত্তি উত্থাপন হোৱাত ইংৰাজী আৰু অসমীয়া দ্বি-ভাষিক প্ৰশ্ন কাকত শিক্ষকসকলে দিবলৈ বাধ্য হয় আৰু ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাত উত্তৰ সমূহ লিখে ।