তেজপুৰ, ২৪ মাৰ্চ :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তিসকলৰ ভিতৰত অন্যতম ড০ ভূপেন হাজৰিকা । হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাছিল, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লভিছিল ভাৰত ৰত্ন গৰাকীৰ শৈল্পিক প্ৰতিভাই । অসমৰ শৈক্ষিক ক্ষেত্ৰৰ অন্যতম এক প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ " জিলিকাব লুইতৰে পাৰ " শীৰ্ষক গীতটি অতি অৰ্থৱহভাৱে ৰচনা আৰু সুৰৰে সজাই বিশ্ববিদ্যালয়খনিৰ নামত অৰ্পণ কৰিছিল ভাৰত ৰত্নগৰাকীয়ে (Guwahati university)৷
অসমৰ সংগীত জগতৰ পিতৃ পুৰুষগৰাকীৰ গীতি সাহিত্য আৰু শৈল্পিক জীৱনৰ ভিত্তিত এটি পাঠ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত আজি পৰ্যন্ত সংযোজিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অধ্যক্ষ নিশান্ত থৰ্ডে । সংস্থাৰ ৰাজ্যিক জনসম্পৰ্কৰক্ষী বিষয়া মৃন্ময় কুমাৰ নাথে প্ৰেৰণ কৰা এক বিবৃতিত সংস্থাটোৱে বিশ্ব বৰেণ্যে শিল্পীগৰাকীৰ সাংগীতিক কৰ্মৰাজি আৰু সাহিত্যৰ সৃষ্টি সমূহক সামৰি অতি কমেও এটি পাঠ স্নাতক কলা শাখাৰ পাঠ্যক্ৰমত সংযোগ ঘটাবলৈ অনুৰোধ জনায় (Biography based lessons on Bhupen Hazarika ibn BA ) ৷