অসম

assam

By

Published : Feb 4, 2021, 8:05 PM IST

ETV Bharat / state

৪ খন বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত সংঘটিত হৈছে বিত্তীয় কেলেংকাৰী । কেন্দ্ৰীয় মহাগাণনিকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে চাৰিওখন বিশ্ববিদ্যালয়ৰ নাম । এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।

অসমৰ চাৰিখন বিশ্ববিদ্যালয়ত ব্যাপক বিত্তীয় খেলিমেলি
অসমৰ চাৰিখন বিশ্ববিদ্যালয়ত ব্যাপক বিত্তীয় খেলিমেলি

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: অসমৰ চাৰিখন বিশ্ববিদ্যালয়ত ব্যাপক বিত্তীয় খেলিমেলি, অনিয়ম সংঘটিত হৈ আহিছে বুলি কেন্দ্ৰীয় মহাগাণনিকে(CAG) শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰাৰ পিছতে এই কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । এই চাৰিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয় ।

অসমৰ চাৰিখন বিশ্ববিদ্যালয়ত ব্যাপক বিত্তীয় খেলিমেলি

ইতিমধ্যে, তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধেও ব্যাপক বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত কমিটীয়ে বিশ্ববিদ্যালয়খনত চৰজমিন তদন্ত আৰম্ভ কৰাৰ লগতে উপাচাৰ্য সমন্বিতে বিশ্ববিদ্যালয়খনৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:বিশ্ব কৰ্কট দিৱসৰ উপলক্ষে টীয়কত চিকিৎসা শিবিৰ

ABOUT THE AUTHOR

...view details