গুৱাহাটী, ২৪ ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত কৰিছে 'কেগ'ৰ প্ৰতিবেদনে (CAG report on NRC)। অসম বিধানসভাৰ শীতকালিন অধিৱেশৰ শনিবাৰে অন্তিম দিনা সদনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন উত্থাপন কৰা হয় । এই প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত হৈছে (Scam in NRC project)।
প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল । অৰ্থাৎ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল । আনহাতে এন আৰ চিৰ (National Register of Citizens project) বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল ।
সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩৯৬৫ টকাত । তদুপৰি ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে । চফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুৰ্নীতি (NRC software application scam)। চফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছিল । সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদন প্ৰ-পত্ৰৰ ডিজিটাইজৰচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে ।