গুৱাহাটী, ১৬ অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টী নেতৃত্বধীন মিত্ৰজোঁটৰ চৰকাৰখনে শাসনৰ গাদী দখল কৰাৰ প্ৰথম তিনিটা বিত্তীয় বৰ্ষত ২,৫৫১খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে সৰ্বমুঠ ১৭,২৭৭কোটি ৫৩ লাখ ১৬ হাজাৰ ৫৩৪ টকাৰ হিচাপ বিচাৰি ৰাজ্য চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে মহাগাণনিকৰ কাৰ্যালয়ে।
CAGৰ পত্ৰখনত উল্লেখ কৰা হৈছে যে, ২০১৬ আৰু ২০১৭ বিত্তীয় বৰ্ষত ৩৩খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ৪টা বিভাগে এই পৰ্যন্ত ২০১৩ কোটি ৯৩ লাখ ৩৬ হাজাৰ ৮৩৭টকাৰ হিচাপ দাখিল কৰা নাই । একেদৰে, ২০১৭ আৰু ২০১৮ বৰ্ষত ২৯৯খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ১৮টা বিভাগে ২,৬১২ কোটি ১৫ লাখ ৭০ ৮৩৭ টকাৰ হিচাপ দিবলৈ বাকী আছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত ৫০টা বিভাগে ২,২১৯খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ১২,৬৫১ কোটি ৪৪ লাখ ৮ হাজাৰ ৮৬০ কোটি টকাৰ হিচাপ এতিয়াও চৰকাৰে দিয়া নাই ।