অসম

assam

ETV Bharat / state

বিষয় PSO: কেবিনেটে ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত - চৰকাৰী ব্যক্তিগত দেহৰক্ষী ওভতাবলৈ আহ্বান

কোন কোন ৰাজনৈতিক নেতা-পালিনেতা, শীৰ্ষ চৰকাৰী বিষয়া আদিৰ থাকিব চৰকাৰী ব্যক্তিগত দেহৰক্ষী অৰ্থাৎ PSO ? সেই সন্দৰ্ভত নতুন বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত (Cabinet to take important decision on PSO)৷ এই বিষয়ে ইতিমধ্যে গৃহ বিভাগে প্ৰস্তুত কৰিছে ৰূপৰেখা ৷

Assam cabinet will decide on pso
বিষয় PSO: কেবিনেটে ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : Dec 29, 2021, 5:01 PM IST

Updated : Dec 29, 2021, 7:09 PM IST

গুৱাহাটী, ২৯ ডিচেম্বৰ : বহু ৰাজনৈতিক নেতা-পালিনেতা, শীৰ্ষ চৰকাৰী বিষয়া আদিৰ বাবে আহি থকা ২০২২ ৰ জানুৱাৰী মাহটো বৰ এটা সুখদায়ক নহ’ব পাৰে । এয়া কোনো জ্যোতিষীয়ে বৰ্ষফল গণনা কৰি দিয়া আগজাননী নহয় । ৰাজধানী দিছপুৰে গ্ৰহণ কৰিবলগীয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পূৰ্বাভাসহে ।

কিয়নো কোন পৰ্যায়ৰ ৰাজনৈতিক নেতা আৰু কোন পৰ্যায়ৰ চৰকাৰী বিষয়াই চৰকাৰী ব্যক্তিগত দেহৰক্ষী বা PSO লগত ৰাখিব পাৰিব সেই বিষয়ে আগন্তুক জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নতুন বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকতে লোৱা হ’ব এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Cabinet to take important decision on PSO)। গৃহ বিভাগৰ এটা সূত্ৰই সদৰী কৰা মতে, ইতিমধ্যে বিভাগটোৱে এই বিষয়ত এক ৰূপৰেখা প্ৰস্তুত কৰিছে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) মন্ত্ৰীসভাৰ আগন্তুক কেবিনেট বৈঠকে ইয়াক অনুমোদন জনোৱাৰ লগে লগে সেয়া কাৰ্যকৰী কৰা হ’ব ।

উল্লেখ্য যে, প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনৰ (Ex PM Atal Bihari Vajpayee Birth Anniversary) এক অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অলপতে বিজেপিৰ দলীয় নেতা সকলক Personal Security Officer অৰ্থাৎ PSO ওভোতাই দিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক :বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

Last Updated : Dec 29, 2021, 7:09 PM IST

ABOUT THE AUTHOR

...view details