গুৱাহাটী, ২২ মাৰ্চ: স্তব্ধ হৈ পৰিল নেকি ৰাজ্য কঁপোৱা APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া (APSC Scam) ? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা ২০১৩ বৰ্ষৰ APSC কেলেংকাৰীৰ সন্দৰ্ভত যোৱা ১১ মাহে নিৰুদ্বেগ ৰাজ্য চৰকাৰ ৷ অসম বিধানসভাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই সন্দৰ্ভত কয় যে, ন্যায়িক আয়োগৰ প্ৰতিবেদন এতিয়ালৈ সম্পূৰ্ণকৈ গ্ৰহণ কৰা নাই অসম মন্ত্ৰীসভাই ৷ বিধানসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে ৷ চৰকাৰী এই ভাষ্যৰ পিচত APCS কেলেংকাৰীক লৈ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণত বৰ্তমানৰ চৰকাৰৰ সদ্দিচ্ছাক লৈ প্ৰশ্ন উত্থাপিত হৈছে (Assam APSC scam) ৷
বিৰোধী বিধায়কৰ প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী বিভাগৰ উত্তৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰসংগত এক হতাশজনক দিশহে বিধানসভাৰ মজিয়াত দাঙি ধৰিলে ৷ চলিত বিধানসভাত কংগ্ৰেছ বিধায়ক ভৰত নৰহে চৰকাৰলৈ লিখিত প্ৰশ্ন আছিল যে, “ APSC কেলেংকাৰী প্ৰসংগত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে ?” প্ৰশ্নৰ উত্তৰত চৰকাৰৰ দায়িত্ববাহী বিভাগৰ তৰফৰ পৰা জনোৱা হ’ল যে, ন্যায়িক আয়োগৰ প্ৰতিবেদন সম্পূৰ্ণকৈ গ্ৰহণেই কৰা নাই ৰাজ্যৰ মন্ত্ৰীসভাই (Probe on APSC scam) ৷
“APSC কেলেংকাৰী তদন্তক লৈ বৰ্তমানৰ বিজেপি চৰকাৰখনে অলপো গুৰুত্ব দিয়া নাই ৷ APSC ত কৈ কম গুৰুত্বপূৰ্ণ বিষয়ত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে বেছি গুৰুত্ব প্ৰদান কৰিছে ৷” এই মন্তব্য প্ৰদান কৰে বিৰোধী দলৰ কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে ৷ লগতে নৰহে APSC কেলেংকাৰীৰ তদন্ত প্ৰসংগত উচ্চ প্ৰশংসা কৰিলে সৰ্বানন্দ সোণোৱালে নেতৃত্ব দিয়া বিজেপি চৰকাৰক (Bharat Narah on APSC scam)।
এই সন্দৰ্ভত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, এখন স্বতন্ত্ৰ আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পিচত কেবিনেট উপ সমিতি গঠন কৰাৰ কোনো প্ৰয়োজন নাছিল । কোনো অভিযুক্ত বিষয়াক সুৰক্ষা দিবলৈহে এই সমিতি গঠন কৰা হ’ল ৷