গুৱাহাটী, 9 মে : শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ছাত্ৰাবাসত সমগ্ৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নাৰ্চৰ লগতে মুঠ ৫২৯ গৰাকী কৰ্মচাৰীৰ COVID 19 ৰ পৰীক্ষা কৰা হয় বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Cabinet minister Himanta Biswa sarma present at GMCH hostel etv Bharat Assam
শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নাৰ্চৰ লগতে মুঠ ৫২৯ গৰাকী কৰ্মচাৰীৰ COVID 19 ৰ পৰীক্ষা কৰা হয় বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ইয়াৰে ৩৫৭ টা নমুনাৰ ৰিজাল্ট নেগেটিভ আৰু এটা পজিটিভ ৰিজাল্ট অহাৰ লগতে বাকী থকা ৰিজাল্টবোৰো শনিবাৰে সন্ধিয়ালৈ আহিব বুলি অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত থকা ৰোগী, অভিভাৱক আৰু অতিৰিক্ত কৰ্মচাৰী সকলোৰে নমুনা শনিবাৰে সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷