অসম

assam

ETV Bharat / state

মন্ত্ৰী পৰিষদৰ বৈঠকত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ - মন্ত্ৰী পৰিষদৰ বৈঠক

কৰ'ণা সন্ত্ৰাসে ৰাজ্যবাসীক চানি ধৰাৰ মাজতে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ এখন জৰুৰী বৈঠকে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

sarbananda sonowal cabinet
sarbananda sonowal cabinet

By

Published : Mar 31, 2020, 12:03 AM IST

গুৱাহাটী, ৩০ মাৰ্চ : সোমবাৰে সন্ধিয়া অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকখনত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ এই সমূহ সিদ্ধান্তৰ ভিতৰত আছে :

  • ক'ভিড-19 ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যখনৰ 72 লাখ দৰিদ্ৰ পৰিয়াল ৷
  • 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ 58 লাখ পৰিয়ালে লাভ কৰিব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল ৷
  • ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা গ্ৰাম্যাঞ্চলৰ 5 হাজাৰ জনবসতি থকা অঞ্চলৰ 100 টা পৰিয়াল, 5 ৰ পৰা দহ হাজাৰ জনবসতি থকা অঞ্চলৰ 150 টা পৰিয়াল আৰু 10 হাজাৰ জনসংখ্যা থকা অঞ্চলৰ 200 পৰিয়ালৰ লগতে গুৱাহাটী পৌৰ নিগমৰ 250 টা আৰু অন্য নগৰ সমিতিৰ প্ৰতিটো ব'ৰ্ডৰ 100 টা পৰিয়ালক 1000 টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত ৷
  • বিটিএডি,ডিমা হাচাও আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ এলেকাত নিৰ্বাচন আয়োগৰ লগত আলোচনৈা মৰ্মে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড নথকা প্ৰতিটো পৰিয়ালকো 1000 টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা ৷
  • ৰাজ্যৰ সাম্ভাৱ্য বান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 1 এপ্ৰিলৰ পৰা মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা ৷
  • অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জীয়নভুক্ত প্ৰায় 2.78 লাখ শ্ৰমিকক 1000 টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ ৷
  • অহা 1 এপ্ৰিলৰ পৰা চাহ বাগিচাসমূহত জিলা উপায়ুক্তৰ অনুমোদন অনুযায়ী তথা স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা মানি চলি কেঁচাপাত তোলা আৰু আন আন কাম আৰম্ভৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ৷
  • অৱশ্যে উপায়ুক্তৰ অনুমোদন সাপেক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা মানি জিলাসমূহত থকা খাদ্য সংসাধন উদ্যোগ যেনে, ধান মিল, আটা মিল, বিস্কুট ফেক্টৰী আদি খোলাৰ অনুমতি প্ৰদান কৰা হ'ব ৷
  • অহা 1 এপ্ৰিলৰ পৰা উপায়ুক্তসকলে জিলাখনৰ গেলামাল দোকান সমূহ খোলাৰ সময়সূচীৰ সালসলনিৰ অনুমতি প্ৰদান কৰিব পাৰিব বুলি বৈঠকত প্ৰকাশ ৷
  • তাৰোপৰি ১ এপ্ৰিলৰ পৰা কৃষিকাৰ্যত নামিব পাৰিব কৃষক সকল ।

আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকে অসমলৈ খাদ্য সামগ্ৰী, পশু খাদ্য আদি কঢ়িয়াই অনা যিসমূহ ট্ৰাক শ্ৰীৰামপুৰ সীমান্তত আৱদ্ধ হৈ আছে সেইসমূহক ১ এপ্ৰিলৰ পৰা অসমত প্ৰবেশ কৰিবলৈ অনুমতি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰাসংগিক হৈ উঠিছে এসময়ৰ আবেগ ৰেডিঅ'

ABOUT THE AUTHOR

...view details