অসম

assam

ETV Bharat / state

Assam govt cabinet : স্থগিত ৰাজ্যিক কেবিনেটৰ শিলচৰৰ বৈঠক - Assam govt cabinet

শিলচৰত ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল । বিশেষ কাৰণবশত শিলচৰৰ বৈঠকখন স্থগিত ৰখা হৈছে (Cabinet meeting of Silchar adjourned)। ২৯ নৱেম্বৰত কেবিনেট বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা । কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশাবাদী বৰাকবাসী ।

Assam govt cabinet
স্থগিত ৰাজ্যিক কেবিনেটৰ শিলচৰৰ বৈঠক

By

Published : Nov 5, 2022, 5:17 PM IST

গুৱাহাটী,৫ নৱেম্বৰ :প্ৰথমবাৰৰ বাবে বৰাকৰ শিলচৰত ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল (Cabinet meeting in Barak)। সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল যদিও স্থগিত ৰখা হ'ল বহু অপেক্ষিত ৰাজ্যিক কেবিনেটৰ শিলচৰৰ বৈঠক । এই কথা জানিবলৈ দিয়ে কাছাৰ জিলাৰ উপায়ুক্ত ৰোহান কুমাৰ ঝাই । স্থগিত ৰখাৰ স্পষ্ট কাৰণ জনোৱা হোৱা নাই যদিও বিশেষ কাৰণবশত ১১ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া শিলচৰৰ বৈঠকখন স্থগিত ৰখা হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে (Assam govt cabinet meeting in Silchar postponed)।

১১ নৱেম্বৰৰ বৈঠক স্থগিত ৰখা হৈছে যদিও পৰৱৰ্তী সময়ত অধিক সুচল ৰূপে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে কাছাৰ প্ৰশাসনে প্ৰস্তুতি চলাই আছে । জানিব পৰা মতে ২৯ নৱেম্বৰত শিলচৰৰ কেবিনেট বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে এই কেবিনেট বৈঠকখন বৰাক উপত্যকাত অনুষ্ঠিত অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক হ'ব । যাৰ বাবে কেবিনেট বৈঠকখনৰ বাবে আশাৰে বাট চাই ৰৈছিল সমগ্ৰ বৰাক উপত্যকাবাসীয়ে । উল্লেখ্য যে বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশা কৰিছে বৰাকবাসীয়ে । কেবিনেটৰ যোগেদি বৰাকলৈ বহু আশাৰ বতৰা আহিব বুলিও সকলোৱে বাট চাই ৰৈছে । কেবিনেট বৈঠকৰ সময়তে বৰাক উপত্যকাৰ কনকপুৰৰ পৰা ৰাংগীৰখাৰীলৈ ৰাংগীৰখালৰ দুয়োপাৰে গাৰ্ডৱাল প্ৰকল্পৰ উদ্বোধন কৰাৰ আশা কৰা হৈছিল ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কেবিনেট বৈঠক প্ৰতিমাহে বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই অনুসৰি ইতিমধ্যে গুৱাহাটীৰ বাহিৰত কেইবাখনো কেবিনেট অনুষ্ঠিত কৰিছে চৰকাৰে (Assam govt cabinet meeting in different district)। অৱশ্যে এই সিদ্ধান্তক লৈ বিৰোধীয়ে বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰাও দেখা গৈছে । চৰকাৰে ৰাজকোষৰ ধন অপব্যয় কৰা বুলিও অভিযোগ কৰিছে বিৰোধীয়ে ।

লগতে পঢ়ক :Sankardev Sangha conference: সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ

ABOUT THE AUTHOR

...view details