গুৱাহাটী, 24 জুন : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বৃহস্পতিবাৰে ষষ্ঠখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কৰ্তব্যত সততাৰ পৰিচয় দি প্ৰশংসাৰ পাত্ৰ হোৱা কাৰ্বি আংলং জিলাৰ গৃহৰক্ষী জোৱান বৰছিং বে'ক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অসম আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে প্ৰশাসনীয় সংস্কাৰৰ অংশ স্বৰূপে এতিয়াৰে পৰা গ্ৰামাঞ্চলৰ ক্ষেত্ৰত এল এ চি বোৰ্ডৰ অনুমোদন সাপেক্ষে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক ভূমিৰ আবণ্টন দিয়াত অনুমতিৰ বাবে দিছপুৰলৈ আহিব নালাগে । সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে এল এ চি বোৰ্ডৰ প্ৰস্তাৱ মৰ্মে ভূমি দিব পাৰিব বুলি কেবিনেটে সিদ্ধান্ত লয় ।
সেইদৰে হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত কোনো লোকৰ মৃত্যু হ'লে লোকজনৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এতিয়াৰে পৰা বন বিভাগে দিছপুৰলৈ আহিব নালাগে । পূৰ্বৰ দীঘলীয়া প্ৰক্ৰিয়াৰ অৱসান ঘটোৱা হৈছে । এতিয়াৰে পৰা ডি এফ অ' (DFO)ৱে প্ৰস্তাৱ প্ৰেৰণ কৰিলে পি চি চি এফে আৰ্থিক সাহায্য আগবঢ়াব পাৰিব ।