গুৱাহাটী,৫ জুনঃক'ভিড পৰিস্থিতিয়ে দিশাহীন কৰি পেলাইছে ৰাজ্যৰ বিশেষকৈ গুৱাহাটীৰ হাজাৰ হাজাৰ কেব চালকক । পথৰ ওপৰতেই জীৱনৰ চকৰি ঘূৰা কেব চালকসকলৰ এতিয়া জীৱিকাৰ পথ বন্ধ হৈ পৰিছে । ক'ভিড পৰিস্থিতিৰ বাবে এতিয়া তেওঁলোকৰ বাবে দুবেলা দুমুঠিৰ যোগাৰ কৰাটোৱেই যেন অসম্ভৱ হৈ পৰিছে ।
ক'ভিড পৰিস্থিতি দিশাহাৰা হাজাৰ হাজাৰ কেব চালক বিগত বৰ্ষৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ পৰা কোনোমতে মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা কেব চালকসকলে পুনৰ একেই পৰিস্থিতিৰে যুঁজিব লগা হৈছে । কিন্তু, এইবাৰ যেন তেওঁলোক একেবাৰে ভাঙি পৰিছে । বৰ্তমান প্ৰযোজ্য হৈ থকা সান্ধ্য আইনৰ বাবে কেব চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কেব চালকসকলে । দুবেলা দুমুঠিৰ চিন্তাৰ লগতে গাড়ীৰ ইএমআই, ভাড়াঘৰৰ ধন, সন্তানৰ শিক্ষা আদিক লৈ এক অবৰ্ণনীয় চিন্তাত দিন কটাবলগীয়া হৈছে কেব চালকসকলে ।
উল্লেখযোগ্য যে, গুৱাহাটীত প্ৰায় ১৬ হাজাৰ কেব চালক আছিল যদিও সেই সংখ্যা হ্ৰাস হৈ বৰ্তমান প্ৰায় ৯ হাজাৰহে কেব চালক আছে । অৰ্থাৎ ৫০ ৰ পৰা ৬০ হাজাৰ লোকৰ কথা জড়িত হৈ আছে । এই কঠিন সময়খিনি যাতে কোনোমতে পাৰ কৰিব পাৰি তাৰ বাবে ভয়াৱহ আৰ্থিক সংকটত ভোগা কেব চালকসকলে চৰকাৰ তথা বিভিন্ন দল-সংগঠনৰ পৰা কিছু সহায়-সহযোগ কামনা কৰিছে । নহ’লে এই লোকসকলৰ বাবে জীৱন সংগ্ৰামত আগুৱাই যোৱাটোৱেই অসাধ্য হৈ পৰিব ।
অৱশ্যে শেহতীয়াকৈ দুই, এজন সদাশয় ব্যক্তি আগবাঢ়ি আহিছে কেব চালকসকলক সহায় কৰিবলৈ । কেব চালকসকলৰ সমস্যা সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সদৌ অসম কেব মজদুৰ সংঘৰ উপদেষ্টাদ্বয় ধ্ৰুৱ ৰাজ অসম আৰু দিগন্ত নাথৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত উপদেষ্টাদ্বয়ে প্ৰকাশ কৰিলে কেব চালকৰ মনৰ বেদনা ৷
লগতে পঢ়কঃ বিশ্ব পৰিৱেশ দিৱসত কি ক’লে বৃক্ষবন্ধু লীলা হাজৰিকাই ?