গুৱাহাটী, 2 ফেব্ৰুৱাৰী: বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ হ’ল অলা-উবেৰ কেৱ সেৱা । দীৰ্ঘদিনৰে পৰা বহুজাতিক প্ৰতিষ্ঠান দুটাই শোষণ চলাই অহাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে কেৱ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অলা-উবেৰ কৰিলে বন্ধ (Ola Uber boycott in Guwahati) ।
সমান্তৰালভাৱে বন্ধ কৰি দিয়া হ’ল ৰেপিড’ সেৱাও । এই কেইটা বহুজাতিক এগ্ৰিগেটৰ প্ৰতিষ্ঠানৰ বিকল্প হিচাপে থলুৱাভাৱে তৈয়াৰ কৰা Pay India Cab আৰু An2 Cab এগ্ৰিগেটৰৰ জৰিয়তে যাত্ৰীৰ বাবে কেৱ সেৱা অব্যাহত ৰখা হ'ব বুলি উল্লেখ কৰিলে চালকসকলে ।
চালকসকলৰ অভিযোগ, দীৰ্ঘদিন ধৰি কেৱ এগ্ৰিগেটৰ অলা-উবেৰে শোষণ চলাই আহিছিল চালক সকলক । পূৰ্বেও প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কেব চালকসকলে ৷ ইফালে বহুজাতিক প্ৰতিষ্ঠান দুটাই বহু কেৱ চালকক বিনা অজুহাতত ৫ হাজাৰ টকাকৈ জৰিমনা বিহাৰ লগতে চালকৰ এপবোৰ বন্ধ কৰি দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে । চালকসকলে জানিবলৈ দিয়া অনুসৰি, মহানগৰীত থকা প্ৰায় ১৮ হাজাৰ সক্ৰিয় কেৱ চালকে একেলগে বুধবাৰৰ পৰা অলা উবেৰ বৰ্জন কৰিছে (Cab drivers boycott Ola Uber in Guwahati) ।
2015 চনৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হোৱা অ’লা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই প্ৰথম অৱস্থাত প্ৰতি গৰাকী কেৱ চালকক শ্ৰমৰ উচিত মূল্য আৰু অধিক পৰিশ্ৰমৰ বিপৰীতে বিশেষ ভাট্টা প্ৰদান কৰিছিল । কিন্তু লক্ষ্যণীভাৱে লাহে লাহে কোম্পানী দুটাই চালকৰ বিশেষ ভাট্টা বন্ধ কৰি দিয়াৰ লগতে প্ৰতিটো ট্ৰিপৰ বিপৰীতে 30 পৰা 40 শতাংশলৈকে কমিচন লৈ শোষণ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ কৰিলে চালকসকলে ।