ডুমডুমা, ১৬ মাৰ্চঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডুমডুমাত আছুৰ বাইক ৰেলী ৷ দীৰ্ঘদিন বিৰতিৰ পাছত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ডুমডুমাত সোমবাৰে এক বাইক ৰেলী উলিয়াই ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই । ডুমডুমা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীত বিজেপি দল তথা চৰকাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷
তিনিচুকীয়া,১৬ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে কা’ বিৰুদ্ধি প্ৰতিবাদ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াৰ মাকুমত সোমবাৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত উলিয়াই এক মটৰ চাইকেল ৰেলী ৷ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ চুতীয়াৰ নেতৃত্বত বাহিৰ কৰা বাইক ৰেলীটো মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আৰম্ভ কৰি সমগ্ৰ মাকুম অঞ্চলত পৰিভ্ৰমণ কৰি কা’ বিৰোধী শ্ল’গানে মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ ৷
ইফালে তিনিচুকীয়া সদৰ থানা চাৰি আলিৰ ডঃ ভূপেন হাজৰিকা উদ্যানত সোমবাৰে 'টাইপা'ৰ উদ্যোগত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু জাতিধ্বংসী 'কা' বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷