গুৱাহাটী, 31 ডিচেম্বৰ: CAA বিৰোধী আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা দুষ্কৃতিকাৰীৰ ওপৰত শেন চকু নিক্ষেপ কৰিছে প্ৰশাসনে ৷CAA বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন বিভাগ। অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই CAA আন্দোলনৰ ফলত হোৱা পৰ্যটন বিভাগৰ ক্ষতিৰ তালিকা দাঙি ধৰি কয় যে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত উন্নত ৰাষ্ট্ৰ সমূহে তেওঁলোকৰ পৰ্যটক সকলক অসমলৈ অহাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে।
CAA বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত বিদেশী পৰ্যটকৰ লগতে ঘৰুৱা পৰ্যটকৰ সংখ্যাও পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত যোৱা দুমাহত অসমৰ পৰ্যটন উদ্যোগৰ প্ৰায় ১ হাজাৰ কোটি টকা ক্ষতি হৈছে । ৰাজ্যৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্রীয় উদ্যান, পবিতৰা অভয়াৰণ্যত হাতী আৰু জিপ চাফাৰীৰ লগত জড়িত ব্যক্তি সকলো ক্ষতিগ্ৰস্ত হৈছে পৰ্যটক সংখ্যা হ্ৰাস পোৱাৰ ফলত।
CAA বিৰোধী আন্দোলনত ৰাজ্যৰ পৰ্যটন বিভাগৰ ক্ষতি ৰাজ্য চৰকাৰৰ বহু প্ৰচেষ্টাৰ ফলত বিগত তিনি বছৰত ৰাজ্যৰ পৰ্যটন বিভাগটোৰ যথেষ্ট উন্নয়ন হোৱাত অসমত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বহু বৃদ্ধি পাইছে যদিও CAA বিৰোধী আন্দোলনৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বহু ক্ষতি সাধন হৈছে বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। অসমত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সবাতোকৈ বেছি পৰ্যটক আহে যদিও এইবাৰ CAA বিৰোধী আন্দোলনৰ ফলত ৰাজ্যত পৰ্যটকৰ সংখ্যা বহু পৰিমানে হ্ৰাস পাইছে। পৰ্যটন বিভাগৰ এই খতিপূৰণৰ বাবে অতি কমেও দুই বছৰৰ প্ৰয়োজন হ'ব বুলিও মন্তব্যও কৰে জয়ন্ত মল্ল বৰুৱাই।
লগতে পঢ়ক: স্থলসেনাৰ দায়িত্বৰ পৰা আনুষ্ঠানিক অব্যাহতি জেন. বিপিন ৰাৱাটৰ
CAA বিৰোধী আন্দোলনৰ ফলত অসমলৈ পৰ্যটকসকল আহিব নোৱাৰাৰ ফলত ১১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ৰাজ্যৰ হোটেল সমূহৰ ৩ কোটি ২৫ লাখ টকাৰ লোকচান হৈছে। ৰাজ্যৰ পৰ্যটন বিভাগৰ যোগাত্মক দিশটো প্ৰকাশ কৰিবলৈ চৰকাৰে গুগলৰ লগত যোগাযোগ কৰাৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত জানুৱাৰী মাহত ৰোড শ্ব'ৰ আয়োজন কৰিব। ৰাজ্যলৈ পৰ্যটক অহাৰ সময়ত CAA বিৰোধী আন্দোলনৰ ফলত পৰ্যটক বিভাগত বেয়া প্ৰভাৱ পৰিছে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।