অসম

assam

ETV Bharat / state

সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে একাধিক সংগঠনৰ সংবাদমেল - সংবাদমেল

শনিবাৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সংবাদমেলৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে,কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসম গোৰ্খা সন্মিলন,ভাৰতীয় গোৰ্খা পৰিষদ আৰু অসম ৰাজ্যিক সমিতি আদিয়ে সংবাদমেলৰ আয়োজন কৰে,এই আইন সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে দল-সংগঠনকেইটাই

"কা" সম্পৰ্কে সংবাদমেলৰ আয়োজন ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ
এই আইন সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে দল-সংগঠনকেইটাই

By

Published : Dec 21, 2019, 7:34 PM IST

Updated : Dec 21, 2019, 7:58 PM IST

বিলাসীপাৰা,21 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বিৰোধী সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই দাবী ৰাজ্যৰ সকলো দল-সংগঠনৰ ৷ শনিবাৰৰ দিনটোত সংবাদমেলযোগে চৰকাৰৰ ওপৰত ক্ষোভ ব্যক্ত কৰে বিভিন্ন দল-সংগঠনে ৷ সংবাদমেলত চৰকাৰক উভতি ধৰে কৃষক মুক্তিৰ লগতে ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আইনখন সম্পৰ্কে মুখ্যমন্ত্ৰী সোণোৱালে অপপ্ৰচাৰ কৰি আছে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে । বিলাসীপাৰাৰ আম্বেদকাৰ ভৱনত আয়োজিত সংবাদমেলখনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে কয় যে,- "কা সম্পৰ্কে ৰাইজে অপপ্ৰচাৰ কৰা নাই । বৰং ইয়াত লিপ্ত হৈছে স্বয়ং বিজেপি দলৰ নেতা-কৰ্মীসকল । চৰকাৰৰ মতে ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোককহে এই আইনে নাগৰিকত্ব প্ৰদান কৰিব । কিন্ত আইনখনৰ ক’ত ইয়াৰ উল্লেখ আছে তাক চৰকাৰে দেখুৱাব পৰা নাই ৷"

ৰাইজক গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ বাবে আহ্বান সংগঠনটোৰ

দলটোৰ আপোচহীন সংগ্ৰামৰ লগতে কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰাৰ প্ৰয়াসত চৰকাৰ সফল নহয় বুলিও দাবী কৰে সংগঠনটোৰ সভাপতি ইছলামে ৷ মাওঁবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে কৃষক নেতা গৰাকীৰ ওপৰত । এই সম্পৰ্কে কোনো সত্যা-সত্য নাই বুলি ষ্পষ্টীকৰণ দিয়ে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি গৰাকীয়ে ৷

আম্বেদকাৰ ভৱনত সংবাদমেলৰ আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে

কৃষক নেতা অখিল গগৈ, জিতেন দত্ত, সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল,কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, উপ-সভাপতি লক্ষজ্যোতি গগৈ সহ গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে বিনাচৰ্তে মুকলি কৰি দিবলৈ ইছলামে চৰকাৰক অনুৰোধ কৰে ৷ লগতে সংবিধান ভংগ আৰু অসম চুক্তি অৱমাননাৰ অপৰাধত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা উচিত বুলি দাবী কৰে ৷ চৰকাৰৰ এই দমনমূলক নীতিক ওফোৰাই ৰাইজক গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ বাবে কৃষক মুক্তি-ছাত্ৰ মুক্তিয়ে আহ্বান কৰে ৷

গুৱাহাটীঃ অসম গোৰ্খা সন্মিলন,ভাৰতীয় গোৰ্খা পৰিষদ আৰু অসম ৰাজ্যিক সমিতিয়ে গুৱাহাটী প্ৰেছক্লাবত এক সংবাদমেলৰ জৰিয়তে ‘চি এ এ’ৰ বিৰোধিতা কৰে ৷ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা আইনখন বাতিল কৰিব লাগিব বুলি সংবাদমেলখনত উত্থাপন কৰা হয় । আইনখনে অসমীয়াৰ কৃষ্টি-সংস্কৃতি বিপন্ন কৰিব লগতে ই সংবিধানৰ পৰিপন্থী ৷ সেয়ে ইয়াক গ্ৰহণ কৰা নহয় বুলি প্ৰকাশ কৰে সংগঠনকেইটাই । ইয়াৰোপৰি চৰকাৰক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবী তোলে উক্ত সংগঠনসমূহে ৷

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা আইনখন বাতিল কৰিব লাগিব বুলি দাবী অসম গোৰ্খা সন্মিলনৰ

বঢ়মপুৰঃ কামপুৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে আয়োজন কৰে এক সংবাদমেলৰ । প্ৰাক্তন আলোচনাপন্থী বিদ্ৰোহী নেতাসকলে নাগৰিকত্ইব সংশোধনী আন্দোলনত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি দাসে দাবী কৰে ৷ দাসে কয় যে, প্ৰতিবাদকাৰীৰ মাজৰ পৰাই একাংশই চৰকাৰলৈ বাতৰি প্ৰেৰণ কৰি আছে ৷ লগতে মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ মন্ত্ৰী-বিধায়কক ক্ষুৰধাৰ সমালোচনা কৰে । অসমৰ ৰাইজক দমন কৰিবলৈ সৰ্বা চৰকাৰে উঠি পৰি লগা কাৰ্যক তীব্ৰ গৰিহণা দিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে ৷ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা ৰাইজক আক্ৰমণ নকৰিবলৈ চৰকাৰক সকীয়নি প্ৰদানৰ লগতে কোনো বিদেশীক অসমত সংস্থাপন দিয়া নহ’ব বুলি মন্তব্য কৰে ৰুবুল দাসে ।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰে এক সংবাদমেলৰ

আজাৰাঃ চানডুবিৰ বাকৰিত সংবাদমেল সম্বোধন কৰিলে চানডুবি মহোৎসৱ উদ্যোক্ততা সমিতিয়ে । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল দশম বাৰ্ষিক চানডুবি মহোৎসৱ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা গণ সংগ্ৰামৰ প্ৰতি সমৰ্থন জনাই চানডুবি মহোৎসৱ বাতিল কৰা বুলি জনাই উদ্যোক্তাসকলে ।

চানডুবি মহোৎসৱ বাতিল কৰে উদ্যোক্তাসকলে

লগতে চাওকঃযশশ্বী জয়ছৱালৰ কাহিনী : পানীপুৰি বিক্ৰীৰ পৰা কোটি টকাৰ IPL চুক্তিলৈকে

Last Updated : Dec 21, 2019, 7:58 PM IST

ABOUT THE AUTHOR

...view details