অসম

assam

ETV Bharat / state

২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

অহা ২ নৱেম্বৰত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। এই আইনৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে শতাধিক আবেদন দাখিল কৰিছিল।

CAA hearing date announced
২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি

By

Published : Oct 27, 2020, 5:22 PM IST

গুৱাহাটী, ২৭ অক্টোবৰ: অহা ২ নৱেম্বৰত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। এই আইনৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে শতাধিক আবেদন দাখিল কৰিছিল। যোৱা ২২ জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক নিজৰ উত্তৰ দাখিলৰ বাবে ৪ সপ্তাহৰ সময়সীমা বান্ধি দিয়ে। কিন্তু সময় উকলি যোৱাৰ পিছতো ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি উত্তৰ দাখিল নকৰিলে কেন্দ্ৰই। যোৱা মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত উত্তৰ দাখিল কৰে যদিও ইয়াৰ কেইদিনমান পিছতে মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে ন্যায়ালয়ে শুনানি অনুষ্ঠিত কৰিব নোৱাৰিলে। পিছত ভাৰ্চুৱেল মাধ্যমেৰে শুনানি গ্ৰহণ কৰা হয়। কিন্তু শুনানিৰ তালিকাভুক্ত হোৱা নাছিল নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় আবেদনসমূহ।

অহা ২ নৱেম্বৰত শুনানি অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ পাইছে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত। ভাৰ্চুৱেল মাধ্যমেৰে হোৱা শুনানিত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সংবিধানবিৰোধী নহয় বুলি শপতনামাযোগে ন্যায়ালয়ক জনাইছিল। আনহাতে, এই আইন সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহ পৃথকে বিবেচনা কৰাৰ কথা যোৱা ২২ জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল।

লগতে পঢ়ক:প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details