গুৱাহাটী, ১ মাৰ্চ: ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে অসম-মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ এখন প্ৰাথমিক বিদ্যালয়ে। ১৯৬৬ চনতেই স্থাপিত বৰ্ণিহাটৰ এই প্ৰাথমিক বিদ্যালয়খনৰ দায়িত্ব ল'বলগীয়া হৈছে মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনিয়ে ।
মুঠ ১১০ জনকৈ ছাত্ৰ-ছাত্রীৰ বিপৰীতে আছে বিদ্যালয়খনত আছে দুগৰাকী শিক্ষক । কিন্তু ইয়াৰে এগৰাকী শিক্ষক নিয়োজিত হৈ আছে এন আৰ চিৰ কামত আৰু আনগৰাকী শিক্ষকে সময়মতে উপস্থিত নহয় বিদ্যালয়ত।
শ্ৰেণীকোঠাৰ দুৱাৰ খোলাৰ পৰা ছাত্ৰ-ছাত্ৰীক প্ৰাৰ্থনা কৰোৱালৈকে অকলেই কৰে ৰান্ধনিগৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত খেলা ধূলা কৰিয়েই সয়ম পাৰ কৰে শিক্ষাৰ্থীয়ে।
বিদ্যালয়খনত বিৰাজ কৰা অৰাজক পৰিস্থিতিত ক্ষুব্ধ ৰাইজে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।