গুৱাহাটী, ১৭ নৱেম্বৰ: ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 'WOMEN OF THE YEAR 2020' শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মানি ব্যতিক্ৰম গ্ৰুপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এই বঁটা প্ৰদান অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অভিনেত্ৰী তথা নাট পৰিচালক পূৰ্ণিমা শইকীয়া আৰু নন্দিনী আলোচনীৰ সম্পাদক তথা লেখিকা মাইনী মহন্তই। ব্যতিক্ৰমৰ অধ্যক্ষ ড॰ সৌমেন ভাৰতীয়াই আদৰণি ভাষণ আগবঢ়ায় ৷ ওৰেটো জীৱন সেৱা আগবঢ়াই অহা প্ৰবীণ ৰাজনীতিবিদ ড॰ হেমপ্ৰভা শইকীয়াক এই বৰ্ষৰ জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়।
ইণ্টেৰিঅ'ৰ ডিজাইনিং থ্ৰ' ফ্লিম এণ্ড পয়েত্ৰি শীৰ্ষক বঁটা আগবঢ়োৱা হয় কবি স্বপ্নালী মহন্তলৈ। শিক্ষকতাৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয় শিৱানী দত্ত চৌধুৰীক ৷ সমাজৰ উন্নয়নমূলক কামত অগ্ৰণী ভূমিকা লৈ অহা পাকিজা ৰহমানলৈ আগবঢ়োৱা হয় সামাজিক কামৰ বিশেষ বঁটা। ফেশ্বন আৰু ষ্টাইলিঙৰ বিশেষ বঁটা লাভ কৰে ৰিংকী কলিতাই ৷ মাল্টিস্কিল্ড বঁটাৰে সন্মানিত হয় ড॰ মাইনু দেৱীক ৷ আউটষ্টেণ্ডিং ডেডিকেছন টুৱাৰ্ডছ প্ৰফেছন বঁটা আগবঢ়োৱা হয় চম্পা পুৰকায়স্থলৈ ৷ বেকিং এণ্ড কনফেকচনেৰীৰ বাবে বিশেষ বঁটা লাভ কৰে জেবিন আখতাৰে ৷ ফেশ্বনৰ ক্ষেত্ৰখনত বিশেষ বঁটা লাভ কৰে পুষ্পা শৰ্মা বসুমতাৰীয়ে ৷