গুৱাহাটী, 6 নৱেম্বৰ : 30 অক্টোবৰত ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত পাঁচোটা সমষ্টি বিজেপি-মিত্ৰদলে নিজৰ দখললৈ নিবলৈ সক্ষম হয় ৷ কিন্তু কেৱল এই পাঁচ সমষ্টিয়েই নহয়, আগন্তুক সময়ত আন তিনিটা গুৰুত্বপূৰ্ণ সমষ্টিও নিজৰ দখললৈ অনাৰ বাবে পৰিকল্পনা কৰিছে গেৰুৱা দলটোৱে ৷
দেশৰ নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে মাজুলী সমষ্টিৰ বিধায়ক পদত্যাগ কৰিছিল সৰ্বানন্দ সোণোৱালে ৷ যাৰ বাবে মাজুলীত অনুষ্ঠিত নহ’ল উপ নিৰ্বাচন ৷ অতি শীঘ্ৰে মাজুলীত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ কিন্তু মাজুলীৰ লগতে অতি কমেও আন দুটা সমষ্টিত একে সময়তে উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷
ইতিমধ্যে বিজেপিৰ একাংশ শীৰ্ষ নেতাই সময়ে সময়ে দাবী কৰিবলৈ আৰম্ভ কৰিছে যে একাংশ কংগ্ৰেছ বিধায়কে বিজেপিলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰি গেৰুৱা দলটোৰ নেতৃত্বৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলিছে । তাৎপৰ্যপূৰ্ণভাৱে উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, অসমত এনেকুৱা এটা দিন আহি আছে, যিদিনা ১২৬ টা সমষ্টিৰ বিধায়কেই হ’ব বিজেপিৰ ।