গুৱাহাটী, ১ অক্টোবৰ :থাওৰা সমষ্টিৰ পাচতে শুকুৰবাৰে মৰিয়নী সমষ্টিৰ বাবে সঞ্জীৱ গগৈৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে ৰাইজৰ দলে । উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ সাংবাদিক আগত অখিল গগৈয়ে কয়, বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত এটা বা দুটা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিলে আন সমষ্টি কেইটাত আমি কংগ্ৰেছক সমৰ্থন দিয়াৰ আগ্ৰহ প্ৰকাশ কৰিছিলো ৷ কিন্তু কংগ্ৰেছ দলে আমাক বিশ্বাসঘাতকতা কৰিলে ।
দেখা গৈছে যে, অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বেই ফাঁট মেলিল বিৰোধীৰ ঐক্যত । এইবাৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত বহুচৰ্চিত বিৰোধী ঐক্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল । কংগ্ৰেছ দলে এ আই ইউ ডি এফ দলৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছত কংগ্ৰেছৰ ৰাইজৰ দলৰ সৈতেও শেহতীয়াভাৱে ব্যৱধান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত ৰাইজৰ দলে কংগ্ৰেছৰ মাজত আসনৰ বুজাবুজিৰে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছিল ৷ কিন্তু কংগ্ৰেছ দলে আটাইকেইটা সমষ্টিতে উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দিয়াৰ বাবে আগবাঢ়িছে । যাৰ বাবে এতিয়া বিৰোধীৰ ঐক্যত স্থান পাইছে বিভাজন মুখী ৰাজনীতিয়ে ।