অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচন: ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা - মনোনয়ন

৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ বুলি সোমবাৰে সন্ধিয়া ঘোষণা কৰিছে মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে ।

nomination of 39 candidates declared valid
উপ-নিৰ্বাচন: ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা

By

Published : Oct 11, 2021, 8:36 PM IST

গুৱাহাটী, ১১ অক্টোবৰ:৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ বুলি সোমবাৰে সন্ধিয়া ঘোষণা কৰিছে মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে । আজি আছিল মনোনয়ন পৰীক্ষাৰ দিন । সেই অনুসৰি পাঁচটা সমষ্টিৰে মনোনয়ন পৰীক্ষাৰ অন্তত আটাইকেইখন মনোনয়নেই বৈধ বুলি ঘোষণা কৰা হয় ।

মনোনয়ন বৈধ বুলি ঘোষিত সকলৰ ভিতৰত আছে বিজেপিৰ ৩ গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ ৫ গৰাকী, চি পি আইৰ এগৰাকী, এ আই ইউ ডি এফৰ ২ গৰাকী, ইউ পি পি এলৰ ২ গৰাকী, বি পি এফৰ এগৰাকী, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্ব'নেলৰ ৩ গৰাকী, নেশ্ব'নেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়াৰ এগৰাকী, অসম সংগ্ৰামী মঞ্চৰ এগৰাকী, গণ সুৰক্ষা পাৰ্টিৰ ২ গৰাকী আৰু নিৰ্দলীয় ১৮ গৰাকী প্ৰাৰ্থী । উল্লেখ্য যে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ১৬ অক্টোবৰ ।

লগতে পঢ়ক:কাটিহাৰৰ পৰা গুৱাহাটীলৈ সম্পূৰ্ণ হ’ল ৰে’লপথৰ বৈদ্যুতিকৰণ

ABOUT THE AUTHOR

...view details