অসম

assam

ETV Bharat / state

মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ - মাজুলীত নিৰ্বাচন

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাচতে মাজুলীক লৈ বিজেপি (BJP)ৰ আভ্যন্তৰত আৰম্ভ হৈছে ব্যাপক তৎপৰতা । মাজুলীত কাক দিব প্ৰাৰ্থিত্ব বিজেপিয়ে ? এই ক্ষেত্ৰত চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ পুৰণি কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu), ব্যৱসায়ী ভুৱন গাম (Bhuban Gam)ৰ নাম ৷ অন্যহাতে কিন্তু বিজেপিৰ দলীয় সূত্ৰই জনোৱা মতে, মাজুলীৰ এই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ ভূমিকা হ’ব উল্লেখনীয় ৷

by-election-in-majuli
মাজুলীৰ উপ-নিৰ্বাচন

By

Published : Jul 9, 2021, 1:02 PM IST

গুৱাহাটী,9 জুলাই : কেন্দ্ৰীয় মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ অন্তৰ্ভুক্তিয়ে অৱশেষত অৱধাৰিত কৰি তুলিছে মাজুলী বিধানসভা সমষ্টি (Majuli Constituency)ৰ উপ-নিৰ্বাচন (By-Election) । যদিওবা ইয়াক লৈ বিগত দুমাহে ৰাজ্যৰ ৰাজনীতিত ব্যাপক জল্পনা-কল্পনা চলিছিল, কিন্তু সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব নে নহয় তাক লৈও চৰ্চা অব্যাহত থকাত মাজুলীৰ উপ-নিৰ্বাচনকেন্দ্ৰীক ৰাজনীতিয়েও সঠিক গতি লোৱা নাছিল । কিন্তু এতিয়া বিজেপি (BJP)ৰ আভ্যন্তৰত মাজুলীক লৈ আৰম্ভ হৈছে ব্যাপক তৎপৰতা । মাজুলীত সোণোৱালৰ উত্তৰসুৰী কোন হ’ব ? মাজুলীত কাক দিব প্ৰাৰ্থিত্ব বিজেপিয়ে ?

ইতিমধ্যে চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ পুৰণি কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)ৰ নাম । এতিয়ালৈকে পেগুৱে কংগ্ৰেছ দল ত্যাগ কৰা নাই যদিও মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অব্যাহতি লৈ ইংগিত দি থৈছে যে, যিকোনো মুহূৰ্ততে তেওঁ গেৰুৱা সাজ পিন্ধাৰ সম্ভাৱনা আছে । মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতেই ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই মাজুলীত প্ৰথমটো ভ্ৰমণ কৰিছিল । সেইদিনাই মাজুলীত মুখ্যমন্ত্ৰী শৰ্মাক গামোচা পিন্ধাই আদৰণি জনাইছিল এইগৰাকী কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগুৱে ।

ৰাজ্যিক বিজেপিৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা প্ৰাপ্ত খবৰ অনুসৰি, ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহি মাজুলীৰ উপ-নিৰ্বাচনত গেৰুৱা দলটোৰ প্ৰাৰ্থী হ’ব খুজিছে যদিও মাজুলী জিলা বিজেপি (Majuli District BJP)য়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । কোনো কাৰণতে পেগুক দলীয় প্ৰাৰ্থী হিচাপে মানি ল’ব খোজা নাই মাজুলী জিলা বিজেপিয়ে । অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মা পেগুৰ পক্ষত থকা বুলিও জানিব পৰা গৈছে ৷

আনহাতে, চল চাই কঠীয়া পৰাত ওস্তাদ বুলি জনাজাত মাজুলীৰ পৰা আহি গুৱাহাটীত প্ৰতিষ্ঠিত হোৱা এজন ব্যৱসায়ী হৈছে ভুৱন গাম (Bhuban Gam) । এসময়ত কংগ্ৰেছী মন্ত্ৰী অকণ বৰা (Akan Bora)ৰ সৈতে ছাঁৰ দৰে থাকি সমাজ কল্যাণ বিভাগৰ কোটি কোটি টকাৰ ঠিকাৰ কাম সৰকোৱাৰ অভিযোগত অভিযুক্ত ভুৱন গামে ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি (BJP)য়ে চৰকাৰ গঠন কৰাৰ পাচত নিশাটোৰ ভিতৰতে বিজেপিত যোগদান কৰিছিল । 2016ৰ নিৰ্বাচনত মাজুলীৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বও বিচাৰিছিল ভুৱন গামে । কিন্তু অৱশেষত দলে সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ পাচত সোণোৱালৰ আশীৰ্বাদ মূৰত লৈ এইবাৰৰ উপ-নিৰ্বাচনত মাজুলীৰ দাবীদাৰ হিচাপে পুনৰ ঠিয় দিছে এইজন বিতৰ্কিত ঠিকাদাৰে ।

ইফালে মাজুলী জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুমেও বিচাৰিছে মাজুলীৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব । কিন্তু বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ ভূমিকা হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :১.৭৩ শতাংশলৈ উন্নীত মৰিগাঁৱৰ ক'ভিড আক্ৰান্ত হাৰ

ABOUT THE AUTHOR

...view details