গুৱাহাটী,2 আগষ্ট : চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ পাচতে এতিয়া আকৌ 7 টা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে । শীঘ্ৰেই অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ (Election Commissioner) । নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে- গোসাঁইগাঁও, তামুলপুৰ, মাজুলী, মৰিয়নী, থাওৰা আৰু ওদালগুৰি সমষ্টি । ইয়াৰে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিৰ পৰা বিগত নিৰ্বাচনত বিজয় সাব্যস্ত কৰা জনপ্ৰতিনিধি দুগৰাকীয়ে অকাল মৃত্যুক সাৱটিৱলগীয়া হোৱাত সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । এই উপ-নিৰ্বাচন সন্দৰ্ভত কাৰো একো ক’বলগীয়া নাই ।
আনহাতে, মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)য়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাত সমষ্টিটোত উপ-নিৰ্বাচন হোৱাতো নিশ্চিত । অৱশ্যে তাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতহে মাজুলীৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । আচলতে এই উপ-নিৰ্বাচনো অনাকাংক্ষিত আছিল যদিও এক ৰাজনৈতিক পৰিঘটনা হিচাপে অসমবাসীয়ে হয়তো বিষয়টো মানি ল’ব ।
কিন্তু ৰাজ্যবাসীৰ মাজত বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আন চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰেক্ষাপটে । এই চাৰিটা সমষ্টি হল- মৰিয়নী, থাওৰা, ওদালগুৰি আৰু ভৱানীপুৰ ।
মৰিয়নী আৰু থাওৰা সমষ্টিৰ দুই কংগ্ৰেছী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী (Sushanta Borgohain) আৰু সুশান্ত বৰগোহাঁই (Sushanta Borgohain)য়ে শাসকীয় দল বিজেপি (BJP)ত যোগ দিয়াৰ তাগিদাত সমষ্টিবাসীৰ সিদ্ধান্তক অগ্ৰাহ্য কৰি বিধায়ক পদ ত্যাগ কৰাৰ পাচত এই দুয়োটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । কেৱল সমষ্টিবাসীয়েই নহয়, সমগ্ৰ ৰাজ্যবাসীয়েই যেন মানি ল’ব পৰা নাই এই দুই ৰাজনৈতিক নেতাৰ জন বিৰোধী সিদ্ধান্তক । ঠিক একেদৰে, ওদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত UPPL দলৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে মন্ত্ৰিত্ব নোপোৱাৰ পাচত তেওঁ পূৰ্বতে BTCৰ পাৰিষদ হিচাপে পোৱা উপ মুখ্য কাৰ্যবাহীৰ দায়িত্ব অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে ।
লগতে পঢ়ক :সৰ্বানন্দ বিহীন মাজুলীত কোনে বিলাব আনন্দ ?
এনে ক্ষেত্ৰত ওদালগুৰি সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ’ব । এক সূত্ৰৰ মতে, অতি সোনকালেই BPFৰ নেতা ৰিহন দৈমাৰীয়ে বিজেপিত যোগ দিব আৰু শাসকীয় দলটোৱে তেওঁক প্ৰাৰ্থিত্ব দি নিৰ্বাচিত কৰিব । এক অনাকাংক্ষিত উপ-নিৰ্বাচনৰ প্ৰেক্ষাপট সৃষ্টি হৈছে ভৱানীপুৰ সমষ্টিত । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ইতিমধ্যে ঘোষণা কৰিছে যে, ভৱানীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।