অসম

assam

By

Published : Mar 10, 2023, 8:47 PM IST

Updated : Mar 10, 2023, 9:08 PM IST

ETV Bharat / state

Buyer-Seller Conference: আমিনগাঁৱত ক্ৰেতা-বিক্ৰেতা সন্মিলন

আমিনগাওঁস্থিত যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প, কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয় এখনি ক্ৰেতা-বিক্ৰেতা সন্মিলন(Buyer-Seller Conference held in Amingaon) । উক্ত সন্মিলনক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰে কামৰূপ জিলাৰ প্ৰায় ১০ টাকৈ কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিয়ে ।

Buyer Seller Conference held in Amingaon
আমিনগাঁৱত ক্ৰেতা-বিক্ৰেতা সন্মিলন

গুৱাহাটী,১০ মাৰ্চ: অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প, কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে আমিনগাওঁস্থিত যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখনি ক্ৰেতা-বিক্ৰেতা সন্মিলন(Buyer-Seller Conference held in Amingaon) । কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈয়ে(ADC of Kamrup District Sujatha Gogoi) আনুষ্ঠানিকভাৱে মুকলি কৰা সভাখনত কামৰূপ জিলাৰ প্ৰায় ১০ টাকৈ কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সেই কোম্পানীৰ অধীনস্থ কৃষকৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ লগতে বস্ত্ৰৰ প্ৰদৰ্শন তথা বিক্ৰী‌ কৰে ।

সভাখনত কামৰূপ জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, এপাৰ্টৰ(Advancement of Peoples Action and Rural Technology) ন’ডেল বিষয়া মানস প্ৰতিম মহন্ত তথা বিভাগৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী ক্ৰেতায়ো অংশগ্ৰহণ কৰে । সভাৰ উদ্বোধনী ভাষণত অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈয়ে কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিসকলক উদ্দেশ্যি কোম্পানীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰু কৃষক উৎপাদক কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ আনকো উৎসাহিত কৰিবলৈ অনুৰোধ জনায় ।

আমিনগাঁৱত ক্ৰেতা-বিক্ৰেতা সন্মিলন

ভাষণ প্ৰসংগত তেখেতে কৃষকসকলক প্ৰকৃত বজাৰ এখন লাভ কৰিবৰ বাবে উৎপাদিত সামগ্ৰীৰ পেকেজিঙৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনায় । ইয়াৰ পাছত ক্ৰেতা-বিক্ৰেতাৰ মাজত মত বিনিময় কাৰ্যসূচীৰ অন্তত বুজা-বুজি চুক্তিত স্বাক্ষৰেৰে সামৰণি পৰে এই বিশেষ সন্মিলনখনিৰ ।

ৰাণীত কৃষকৰ পৰা জালুক ক্ৰয় ব্যক্তিগত কোম্পানীৰ:

ইফালে জৈৱিক পদ্ধতিৰে প্ৰস্তুত হোৱা জালুকক এখন বজাৰ দিয়াৰ উদ্দেশ্যে(Pepper in a marketing place) সোমবাৰে ৰাণী অঞ্চলৰ পখিলা আৰু কাহিগংগা কৃষক উৎপাদন কোম্পানীয়ে উৎপাদন কৰা জালুক গুৱাহাটীৰ লেজেণ্ড ট্ৰেডাৰ্চ নামৰ কোম্পানীটোৱে ক্ৰয় কৰে । উৎপাদিত জালুকৰ পৰা অন্যান্য সামগ্ৰী প্ৰস্তুত কৰি কোম্পানীটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰিব বুলি ক্ৰেতাসকলে জানিবলৈ দিয়ে ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা এই বিক্ৰী প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় এপাৰ্টে । উক্ত অনুষ্ঠানত এপাৰ্টৰ জিলা কৃষি বাণিজ্য সহায়ক দিবাকৰ মুহুদি, গৱেষণা কাৰিকৰ ৰূপক কলিতা, কৃষক উৎপাদন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া দিপাংকৰ দাস তথা লেজেণ্ড ট্ৰেডাৰ্চৰ দুই বিষয়ববীয়া কৰণ কলিতা আৰু বৰুণ সাহা উপস্থিত থাকে । লেজেণ্ড ট্ৰেডাৰ্চয়ে আজি প্ৰায় ৫ কুইণ্টল জালুক ক্ৰয় কৰি নিয়ে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Assam State Film Awards for 2018 and 2019 : ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই

Last Updated : Mar 10, 2023, 9:08 PM IST

ABOUT THE AUTHOR

...view details