অসম

assam

ETV Bharat / state

Apex bank fraud: বিজেপি বিধায়কৰ ঘনিষ্ঠৰ কোটি টকীয়া বেংক জালিয়াতি পোহৰলৈ; বিধায়ক মৃণাল শইকীয়াৰ বিশেষ টুইট

২০ কোটি টকাৰ বেংক জালিয়াতি বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ ব্যৱসায়ীৰ ৷ 'ব’ৰ্ডচ অৱ ডাইৰেক্টৰ্চ'লৈ অভিযোগৰ আঙুলি বিজেপি বিধায়ক মৃণাল শইকীয়াৰ ৷

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:19 PM IST

MLA Biswajit Phukan
Apex bank fraud

গুৱাহাটী, ১৭ অক্টোবৰ: এইবাৰ অসমৰ এটা বেংক জালিয়াতিৰ বিষয়ত দুজন বিজেপি বিধায়কৰ প্ৰসংগই ৰাজ্যত সকলোৰে দৃষ্টি কাঢ়িছে ৷ প্ৰসংগটো হ’ল সাৰদা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা এজন ব্যৱসায়ীয়ে বেংক জালিয়াতিৰে এপেক্স বেংকৰ পৰা কোটি কোটি টকা লোৱাৰ নিয়ম বৰ্হিভূত কাহিনী ।

এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এইজন ব্যৱসায়ী ৷ এইজন ব্যৱসায়ীয়ে এপেক্স বেংকৰ পৰা লাভ কৰিলে ২০ কোটি ৩০ লাখ টকা ৷ জালিয়াতিত সাঙোৰ খাই পৰা ব্যৱসায়ীজনে কেনেকৈ এপেক্স বেংকৰ পৰা লাভ কৰিলে এই বিশাল ধনৰাশি ? এই লৈ এতিয়া আঙুলি উঠিছে এপেক্স বেংকৰ অধ্যক্ষ তথা বিজেপিৰ বিধায়ক বিশ্বজিত ফুকনলৈ ৷

কোটি টকীয়া বেংক জালিয়াতি

আনকি বিজেপিৰেই আন এগৰাকী বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যম X-ত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । অভিযোগৰ আঙুলি টোঁৱাইছে বিধায়ক বিশ্বজিৎ ফুকন অধ্যক্ষ ৰূপে থকা বেংকটোৰ 'বৰ্ড অৱ ডাইৰেক্টৰ্চ'লৈ ৷

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই লিখিছে, “ভাৰতত বেছিভাগ কেলেংকাৰীৰ এজন বলিৰ পঠাত অন্ত পৰেগৈ আৰু সেইবাবেই ভাৰতত দুৰ্নীতি কেতিয়াও শেষ নহয় । মই বহু বছৰৰ আগতেই এপেক্স বেংকৰ গ্ৰাহক আছিলো আৰু মোৰ জ্ঞান অনুসৰি এজন ব্ৰাঞ্চ মেনেজাৰে ব’ৰ্ডৰ অনুমোদন অবিহনে ১০ লাখতকৈ অধিক ঋণ অনুমোদন দিব নোৱাৰে ৷ আশাকৰোঁ এই নিলম্বিত বলিৰ পঠা শাখা পৰিচালকজনতে কেলেংকাৰীৰ অন্ত নপৰক ৷”

কিয় এই টুইট কৰিব লগা হ’ল বিধায়ক মৃণাল শইকীয়াই ?

অসম কো-অপাৰেটিভ এপেক্স বেংকে ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা উলংঘা কৰি বিতৰ্কিত ব্যৱসায়ীজনক ২০ কোটি ৩০ লাখ টকা প্ৰদান কৰাৰ শেহতীয়া বিস্ফোৰক তথ্যই চকু কপালত তুলিছে সকলোৰে ৷ জালিয়াতিত জড়িত হৈ পৰা বিতৰ্কিত ব্যৱসায়ীজনৰ নাম ৰাজেশ বাজাজ । এই অসম কো অপাৰেটিভ এপেক্স বেংকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সঞ্চালক আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন অধ্যক্ষ হিচাপে আছে ৷

১৯৪৮ চনতে স্থাপন হোৱা এই বেংকটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম উলংঘা কৰি এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত ব্যৱসায়ী ৰাজেশ বাজাজক ২০ কোটি ৩০ লাখ টকা দিয়াৰ কথা পোহৰলৈ আহিছে ৷ এইগৰাকী ৰাজেশ বাজাজৰ কোম্পানী নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেডক প্ৰদান কৰা হয় এপেক্স বেংকৰ ২০ কোটি ৩০ লাখ টকা ৷ ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘাৰে এই বিশাল ধনৰাশি দিয়াৰ কথা পোহৰলৈ আহিছে ।

তথ্য অনুসৰি ৰাজেশ বাজাজ নামৰ ব্যৱসায়ীজনৰ কোম্পানী নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এপেক্স বেংকৰ পৰা ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে বিগত ৫ এপ্ৰিলৰ পৰা ২০ জুনৰ ভিতৰত মুঠ ২০ কোটি ৩০ লাখ টকা লাভ কৰিছে ৷ বেংকটোৰ অধ্যক্ষৰ দায়িত্বত থকা বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত ৰাজেশ বাজাজৰ কোম্পানীক ৫ এপ্ৰিলৰ পৰা ২০ জুনলৈ মুঠ ৬ বাৰ নীতি বহিৰ্ভূতভাৱে ২০ কোটি টকা আদায় দিলে এপেক্স বেংকে ৷

ৰাজেশ বাজাজে তেওঁৰ আন কোনো বেংকৰ চেক জমা দিয়েই ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে এই বিশাল পৰিমাণৰ ধন আদায় কৰি নিলে ৷ কিন্তু যিটো ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নীতিয়ে কেতিয়াবাই বাৰণ কৰি থৈছে ৷ ২০১৫ চনৰ ১ জুলাইত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশনা জাৰি কৰি ‘ডিমাণ্ড বিল পাৰ্ছেছ’ বা চেক ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰি থৈছে ৷

ডিমাণ্ড বিল পাৰ্ছেছ কি? ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা ভংগৰে কেনেকৈ দিছিল ২০ কোটি টকা ?

জালিয়াতিয়েই বোলক বা অনিয়মেই বোলক গোটেই নীতি বৰ্হিভূত কথাটো জানিবলৈ আপুনি জানিব লাগিব এসময়ত বেংকত প্ৰচলিত ডিমাণ্ড বিল পাৰ্ছেছ কি ? ডিমাণ্ড বিল পাৰ্ছেছ বা চেক ক্ৰয়ৰ পদ্ধতি হ’ল বেংকৰ গ্ৰাহকৰ জৰুৰী প্ৰয়োজন সাপেক্ষে চেকৰ বিনিময়ত গ্ৰাহকজনক ধন আদায় দিয়াৰ এক ব্যৱস্থা ৷

এই ব্যৱস্থা অনুসৰি যদিহে গ্ৰাহকগৰাকীৰ হাতত তেওঁ পাবলগীয়া ধনৰ বেলেগ চেক আছে, তেওঁক জৰুৰীভাৱে ধনৰ প্ৰয়োজন হয়, তেনেহ’লে গ্ৰাহকৰ লেনদেনৰ ভাৱমূৰ্তিৰ ওপৰত ভিত্তি কৰিয়েই বেংকটোৱে সেই চেকখন ক্ৰয় কৰি লৈ তাৰ বিপৰীতে গ্ৰাহকক ধন আদায় দিয়ে ৷

২০১৫ত দেশৰ নেট বেংকিং ব্যৱস্থাই বিকাশ লাভ কৰি সুচল হোৱাৰ লগে লগে এই প্ৰক্ৰিয়া স্থগিত কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ চাৰ্ভিছৰ ২০১৫ৰ ১ জুলাইৰ ‘মাষ্টাৰ চাৰ্কুলাৰ’ৰ ৫.৫ নং দফাত উল্লেখ আছে যে যদিহে কোনো কাৰণত বেংকৰ চেক ক্লিয়াৰেন্স প্ৰক্ৰিয়া বন্ধ থাকে তেনে প্ৰেক্ষাপটতহে গ্ৰাহকৰ পূৰ্বৰ লেনদেনলৈ চাই স্থানীয় বেংকে চেক ক্ৰয় কৰি ধন প্ৰদান কৰিব পাৰে ৷ বিশেষকৈ চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠিত কোম্পানীৰ যদি চেক হয় তেনেহ’লে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব ৷

বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজে জমা দিছিল তেওঁৰ আন বেংকত থকা একাউন্টৰ চেকহে ৷ সেই চেক ক্লিয়াৰেন্স কৰাৰ সলনি এপেক্স বেংকে পোনপটীয়াকৈ ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে ২০ কোটি ৩০ লাখ টকা ৰাজেশ বাজাজৰ একাউণ্টত জমা দিয়ে কেইবাটাও পৰ্যায়ত ৷ অসমৰ বেংকিঙ খণ্ডৰ ইতিহাসত এয়া কেতিয়াও সংঘটিত নোহোৱা এক বৃহৎ জালিয়াতি হিচাপে ব্যাপক চৰ্চিত হৈছে ৷ এপেক্স বেংকৰ প্ৰশাসনৰো যে এই জালিয়াতি চকুত পৰা নাছিল এনে নহয় ৷

ৰাজেশ বাজাজৰ কোম্পানীটোৱে এই বছৰৰ এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰত এপেক্স বেংকৰ পৰা এই বিশাল পৰিমাণৰ ধন নীতি বহিৰ্ভূতভাৱে আদায় কৰাৰ তথ্য সেই সময়ত বেংকটোৰ গাণনিক শাখাৰ দৃষ্টিগোচৰ হৈছিল যদিও বেংক কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব দিব নুখুজি লুকুৱাইহে থ’লে ৷ কিন্তু বিষয়টোৱে বেংকৰ ভিতৰচ’ৰাত বিতৰ্কৰ সূচনা কৰাত এপেক্স বেংকৰ দিছপুৰ শাখাৰ সেই সময়ৰ প্ৰৱন্ধক বিকাশ ৰঞ্জন দাস নামৰ লোকজনক নিলম্বন কৰি কৰ্তৃপক্ষই দায় সৰাৰ চেষ্টা কৰে ৷

কি দৰে সাঙোৰ খাইছে বিধায়ক বিশ্বজিৎ ফুকনৰ নাম ?

অভিযোগ উঠিছে যে এপেক্স বেংকৰ পৰিচালনাৰ দায়িত্বত থকা কেইজনমান ব্যক্তিৰ সৈতে ঘনিষ্ঠতা থকাৰ বাবেই ৰাজেশ বাজাজে নীতি বহিৰ্ভূতভাৱে এই ধন লাভ কৰিবলৈ সক্ষম হয় ৷ ৰাজেশ বাজাজে সামাজিক মাধ্যমত আপলোড কৰা বেংকটোৰ কৰ্তৃত্বশীল ব্যক্তিৰ কেইখনমান ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

তাৰ ভিতৰত বাজাজৰ কাৰ্যালয়ত এপেক্স বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকন নিজেই উপস্থিত হৈ সম্ভাষণ গ্ৰহণ কৰা ফটোও আছে ৷ এই ফটোৰ পৰাই এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকন অৰু বিতৰ্কিত ৰাজেশ বাজাজৰ ঘনিষ্ঠতা ওলাই পৰিছে বুলিও সংবাদ মাধ্যমত বাতৰিও পৰিৱেশিত হৈছে ৷

উল্লেখযোগ্য যে দেশ কঁপোৱা সাৰদা চিটফাণ্ড গোচৰত ২০১৪ আৰু ২০১৫ চনত চি বি আইৰ জেৰাৰ সন্মুখীন হৈছিল ৰাজেশ বাজাজ ৷ বিজেপি বিধায়ক তথা এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ নাম সাঙোৰ খাই পৰা এই কোটি কোটি টকাৰ বেংক জালিয়াতিৰ প্ৰসংগতে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই নিজৰ X একাউণ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ য’ত তেঁও স্পষ্টভাৱে কৈছে ব’ৰ্ড অৱ ডাইৰেক্টৰ্চৰ অনুমোদন নাথাকিলে ১০ লাখ টকাতকৈ অধিক ঋণ বেংক মেনেজাৰে দিয়াটো সম্ভৱ নহয় ৷

বিধায়ক শইকীয়া তেওঁ নিজেও এসময়ত গ্ৰাহক আছিল ৷ সেই অভিজ্ঞতাৰ ভিত্তিতে এই মন্তব্য কৰিছে বিধায়ক শইকীয়াই ৷ বিধায়কগৰাকীৰ মতে শাখা প্ৰবন্ধকজন বলিৰ পঠাহে ৷ স্বাভাৱিকতে বিধায়ক মৃণাল শইকীয়াই কৰা এই মন্তব্যই সঞ্চালক ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষ বিশ্বজিৎ ফুকন আৰু আন সকললৈকে অভিযোগৰ আঙুলি টোঁওৱা নাইনে বুলি চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক:Congress Rally in Lakhimpur: অসমৰ পাহাৰ-বাগান সকলো এতিয়া কেইটামান পৰিয়ালে দখল কৰিছে

ABOUT THE AUTHOR

...view details