অসম

assam

ETV Bharat / state

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী - ulfa

নিজৰেই পৰিয়ালৰ পৰা 50 লাখ টকা দাবী কৰিছিল ৰাজস্থানৰ কিষান মাহাতো নামৰ ব্যৱসায়ীজনে ৷

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী

By

Published : May 22, 2019, 11:43 AM IST

গুৱাহাটী, 22 মে': আলফাৰ নামত বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ ধন দাবী। ৰাজস্থানৰ নিজ বাসভৱনলৈ ফোনযোগে আলফাই অপহৰণ কৰা বুলি জনাই মুক্তিপণৰ বাবদ ৫০ লাখ টকা বিচাৰিলে খোদ ব্যৱসায়ীজনে ৷ বৰ্তমানে বশিষ্ঠ আৰক্ষীৰ জালত ব্যৱসায়ীজনৰ লগতে তেওঁৰ দুই সতীৰ্থ ৷

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত বহিঃ ৰাজ্যৰ ব্যৱসায়ী

বুধবাৰে পুৱতি নিশা ৰাজস্থানৰ বিকানেৰৰ নিজ বাসভৱনলৈ আলফাৰ নাম লৈ ফোনযোগে ধন বিচাৰে কিসান মাহাতো নামৰ কয়লা ব্যৱসায়ীজনে ৷ আলফাই কিষানক অপহৰণ কৰা বুলি জনায় মুক্তিৰ বাবদ পৰিয়ালৰ পৰা 50 লাখ টকা বিচাৰে ব্যৱসায়ীজনে ৷ এই ঘটনাৰ পাচতে পৰিয়ালৰ লোকে বুধবাৰে পুৱতি নিশাই অৱগত কৰে বশিষ্ঠ আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ অভিযানত পোহৰলৈ আহে সমগ্ৰ তথ্য ৷ আৰক্ষীয়ে মহানগৰীৰ গেমছ ভিলেজৰ পৰা উদ্ধাৰ কৰে ব্যৱসায়ীজনক ৷ কিন্ত কি কাৰণত আলফাৰ নাম লৈ নিজৰেই পৰিয়ালৰ পৰা ব্যৱসায়ীজনে ধন দাবী কৰিছিল সেই কথা এতিয়াও জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে আৰক্ষীৰ লগত ল'ৰা-ধেমালি কৰাৰ অভিযোগত ব্যৱসায়ীজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে ৷ অন্যহাতে এই ঘটনাৰ লগত হাৰিয়ানাৰ ৰোহিত সিংহাল আৰু বিশ্বজিত ডেকাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details