গুৱাহাটী, 22 অক্টোবৰ: অন্ত পৰিল জনতা ভৱনৰ কেবিনেট বৈঠকৰ। কেবিনেটত গ্ৰহণ কৰা কৰা হ'ল কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিশেষকৈ বাছ ভাড়া 25% বৃদ্ধি কৰিবলৈ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সহজভাৱে লৱ পৰা নাই সাধাৰণ জনতাই ৷
কেবিনেটৰ বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত সহজভাৱে ল'ৱ পৰা নাই সৰ্বসাধাৰণে
কেবিনেট বৈঠকৰ অন্তত পুনৰ সাধাৰণ ৰাইজক ৰাম-তাঙোন শোধাই বৃদ্ধি কৰা হ'ল 25% বাছৰ ভাড়া ৷
বৃদ্ধি পালে 25% বাছৰ ভাড়া
মূল্য বৃদ্ধিয়ে কোঙা কৰা সাধাৰণ ৰাইজৰ মূৰত পুনৰ ৰাম-তাঙোন শোধাই বৃদ্ধি কৰা হ'ল 25% বাছৰ ভাড়া ৷ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি আৰু বাছ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত লয় চৰকাৰে ৷ বজাৰৰ সামগ্ৰী অতিপাত মূল্য বৃদ্ধিৰ সময়তে বাছ ভাড়া বৃদ্ধি কৰাত ক্ষোভিত হৈ পৰিছে যাত্ৰী সকল । চৰকাৰক এই সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনাইছে জনসাধাৰণে ।