অসম

assam

ETV Bharat / state

মহানগৰীৰ ৰাজপথত দাউদাউকৈ জ্বলিল ট্ৰেংকাৰ - বিশ্বকৰ্মা পূজা

মহানগৰীৰ ৰাজপথত দাউদাউকৈ জ্বলিল এখন ট্ৰেংকাৰ ৷ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিয়ন্ত্ৰণ কৰে জুই ৷ ঘটনাস্থলীৰ পৰা পলায়ন চালক আৰু হেণ্ডিমেনৰ ৷

ভূস্মীভূত বাহনখন

By

Published : Sep 18, 2019, 2:37 PM IST

গুৱাহাটী, 18 চেপ্তেম্বৰ : বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷ বিশ্বকৰ্মাৰ পূজাৰ দিনটোতে অথন্তৰ লাগিল মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ চৰ্ট চাৰ্কিটৰ ফলত ৰাজপথৰ মাজতে দাউদাউকৈ জ্বলিল এখন ট্ৰেংকাৰ ৷ জালুকবাৰীৰ পৰা যোৰাবাট অভিমুখে গৈ আছিল বাহনখন ৷ ঘটনাস্থলীত উপস্থিত হৈ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিয়ন্ত্ৰণ কৰে জুই ৷ বাহনখনত তেল নথকাৰ বাবেই ৰক্ষা পৰে বৃহত্তৰ অঞ্চল ৷

ইপিনে, এই ঘটনাৰ পাচতেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ ঘটনাটো সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক আৰু হেণ্ডিমেনে ৷

ভূস্মীভূত বাহনখনৰ দৃশ্য

ABOUT THE AUTHOR

...view details