অসম

assam

ETV Bharat / state

গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ ৫৬০ বস্তা বাৰ্মিজ চুপাৰি - Guwahati Railway Station

পুনৰ সক্ৰিয় হৈছে চুপাৰি চিণ্ডিকেট চক্ৰ । ৰাজ্যত এটা দিনৰ ভিতৰত কেইবা কোটি টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰিছে আৰক্ষীয়ে । এইবাৰ ট্ৰাক নহয় ৰেলৰ পৰা জব্দ কৰা হৈছে চুপাৰিখিনি ।

guwahati railway station
গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ ৫৬০ বস্তা বাৰ্মিজ চুপাৰি

By

Published : Sep 12, 2021, 6:35 PM IST

গুৱাহাটী,১২ ছেপ্টেম্বৰ : চুপাৰি চিণ্ডিকেটকলৈ (Supari Syndicate) উত্তাল হৈ আছে ৰাজ্য । চৰকাৰে চুপাৰি চিণ্ডিকেটকলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ইফালে চিণ্ডিকেট বন্ধৰ দাবীত বিভিন্ন দল-সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইয়াৰ মাজতে ৰাজ্যত পুনৰ জব্দ হৈছে বাৰ্মিজ চুপাৰি (Burmese Supari) । কৰিমগঞ্জ আৰু গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ।

কৰিমগঞ্জৰ বদৰপুৰ ষ্টেচনত প্ৰায় ৩৫০ কুইণ্টল বাৰ্মিজ চুপাৰি জব্দ হোৱাৰ সমান্তৰালকৈ গুৱাহাটী ৰেলৱে ষ্টেচনতো (Guwahati Railway Station) জব্দ হৈছে প্ৰায় ৫৬০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰি । মহানগৰীৰ পল্টনবজাৰস্থিত ৰেলৱে ষ্টেচনত নিশা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি । ৰেল আৰক্ষীয়ে (GRP) আগৰতলাৰ পৰা শিয়ালদহ অভিমুখে যোৱা কাঞ্চনজংঘা এক্সপ্ৰেছত অভিযান চলায় জব্দ কৰে চুপাৰিখিনি ।

কাঞ্চনজংঘা এক্সপ্ৰেছৰ তিনিটাকৈ ডবাত অনা হৈছিল চুপাৰিখিনি । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ মূল্য প্ৰায় ১ কোটিৰো অধিক হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বাৰ্মিজ চুপাৰিৰ এই বস্তাসমূহ ডবাসমূহৰ ভিতৰত গোপনে কৌশলপূৰ্ণভাৱে কঢ়িয়াই নিয়াৰ চেষ্টা চলোৱা হৈছিল ।

পূৰ্বে ট্ৰাকৰ জৰিয়তে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা হৈছিল যদিও শেহতীয়াকৈ এই সৰবৰাহ কিছু কমি আহিছে । এইবাৰ ৰেলযোগে এনেদৰে চুপাৰি সৰবৰাহৰ চেষ্টা চলাইছে চিণ্ডিকেট চক্ৰই । ইতিমধ্যে আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰা হোৱা নাই ।

লগতে পঢ়ক :উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ লংকা হাইস্কুলৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details