গুৱাহাটী, 2 নৱেম্বৰ: বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনৰ গাদী দখল কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ৰাজ্যত প্ৰকৃততে বিভিন্ন সামগ্ৰীৰ অবৈধ ব্যৱসায়কে ধৰি ছিণ্ডিকেট সমূহ বন্ধ হৈছেনে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷ একাংশ মাফিয়াই অতি ৰহস্যজনকভাৱে ৰাজ্যত অব্যাহত ৰাখিছে এইসমূহ সামগ্ৰীৰ অবৈধ ব্যৱসায় ৷
শেহতীয়াকৈ গুৱাহাটী মহানগৰীত পুনৰ জব্দ হৈছে বাৰ্মিজ চুপাৰি (Burmese supari seized in Guwahati) ৷ আৰক্ষীয়ে গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ জব্দ কৰিছে তিনিখনকৈ বাহন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 8 সৰবৰাহকাৰীক (Barmese supari syndicate) । মেঘালয়ৰ পৰা চিৰাঙলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰা হয় চুপাৰিখিনি । তিনিখনকৈ বাহনত সৰবৰাহ কৰা হৈছিল বাৰ্মিজ চুপাৰিখিনি ।