অসম

assam

By

Published : Mar 31, 2023, 10:44 PM IST

ETV Bharat / state

Bhupen Bora slams HBS: এতিয়াও হাঁড়ে হিমজুৱে কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মা; ভূপেন বৰা

কংগ্ৰেছৰ ভিতৰুৱা খবৰ লাভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনত কৰা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাক ৷ অসংযত কথা কৈ পিচত ক্ষমা খোজাটো এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত শোভা নাপায় বুলিও মন্তব্য কংগ্ৰেছ নেতাজনৰ (Bupen Borah slams Assam CM) ৷

bupen-borah-slams-assam-cm-over-spy-issue
Bupen Borah slams Assam CM

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ভূপেন বৰাৰ

গুৱাহাটী, 31 মাৰ্চ: “আমাৰ কংগ্ৰেছটোৱেই ভাল আছিল । বিজেপিৰ কোনো কাম নাই ৷ আৰ এছ এছে চলায় ৷ মই একো শান্তি পোৱা নাই ৷ মোৰ এই কাৰণেই কংগ্ৰেছৰ ওপৰত খং উঠি থাকে যে মোক নেতা হ’ব নিদিলে ৷” কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ প্ৰসংগই ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে এয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য বুলি দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bhpen Borah criticizes Assam CM) ৷

অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কংগ্ৰেছ বিধায়িনী দলৰ গোপন কথা কংগ্ৰেছৰ বিধায়কেই জনায় বুলি দাবী কৰাৰ পিচত শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কংগ্ৰেছক টাৰ্গেট কৰি লয় ৷ মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ সবেই মোৰ সৈতে কথা পাতে ৷ 22 বছৰ কংগ্ৰেছ কৰিলো, গতিকে প্ৰায় সকলোৱেই মোৰ লগত কথা পাতে ৷’’ এই প্ৰসংগতে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে APCC ৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah) ৷

সাংবাদিকৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে কিছু কংগ্ৰেছীৰ লগত যে কথা-বতৰা পাতে সেইটো মই জানো ৷ কিন্তু মোৰ লগত কথা-বতৰা হোৱা নাই বা হ’বলগীয়া নাই ৷ কিন্তু আমাৰ এজন জ্যেষ্ঠ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতোতে লাউড স্পীকাৰত শুনাইছিল ৷ তেতিয়াই তেওঁ কৈছিল বিজেপিটো এটা ফাল্টু পাৰ্টী ৷” (Bhupen Borah on HBS)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী কৰা মতে ফোন কলটোত আছিল কেতবোৰ বিস্ফোৰক মন্তব্য ৷ ভূপেন বৰাই দাবী কৰা অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, “বিজেপিটো এটা ফাল্টু পাৰ্টী ৷ আমাৰ কংগ্ৰেছটোৱেই ভাল আছিল ৷ বিজেপিৰ কোনো কাম নাই ৷ আৰ এছ এছে চলায় ৷ মই শান্তি পোৱা নাই ৷ মোৰ এই কাৰণেই কংগ্ৰেছৰ ওপৰত খং উঠি থাকে যে মোক নেতা হ’ব নিদিলে ৷” ড৹ হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা কোৱা নিজ কাণে শুনা বুলি দাবী ভূপেন বৰাৰ (Congress BJP conflict in Assam) ৷

লগতে ভূপেন বৰাই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি কয়, “তেওঁ 50 % নহয়, হাঁড়ে-হিমজুৱে কংগ্ৰেছী ৷ এতিয়াও কংগ্ৰেছ কৰ্মীৰে কথা পাতিলে কয় আমাৰ পাৰ্টী বুলি ৷” আনহাতে অসংযত কথা কৈ পিচত ক্ষমা খোজাটো এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত শোভা নাপায় বুলিও মন্তব্য কংগ্ৰেছ নেতাজনৰ ৷

লগতে পঢ়ক:Assam CM slams Rahul Gandhi: ৰাহুল‌ গান্ধীক নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details