সাৱধান ! মহানগৰীত ফ্লেট বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ জাল - ৰাগা এপাৰ্টমেন্ট
গুৱাহাটীৰ লংকেশ্বৰৰ কুমাৰপাৰাত বাচেৰা ৰাগা এপাৰ্টমেন্ট নিৰ্মাণৰ নামত প্ৰৱঞ্চনাৰ জাল সৰিতা আগৰৱালা আৰু তেওঁৰ পুত্ৰ প্ৰতীক আগৰৱালাৰ
![সাৱধান ! মহানগৰীত ফ্লেট বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ জাল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2785538-519-329fb291-eea4-4350-abdf-9ffbec2f92ae.jpg)
ফেল্ট বিক্ৰীৰ নামৰ প্ৰৱঞ্চনাৰ জাল
গুৱাহাটী, 24 মাৰ্চ : মহানগৰীত ফ্লেট ক্ৰয়ৰ পৰিকল্পনা কৰিছে যদি তেন্তে সাৱধান হওঁক ! কিয়নো মহানগৰীত এতিয়া ফ্লেট বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ জাল পাতিছে একাংশ বিল্ডাৰে । এইবাৰ গুৱাহাটীৰ লংকেশ্বৰৰ কুমাৰপাৰাত সৰিতা আগৰৱালা নামৰ এগৰাকী বিল্ডাৰে বাচেৰা ৰাগা নামৰ এপাৰ্টমেন্ট নিৰ্মাণেৰে প্ৰৱঞ্চনাৰ জাল পতা তথ্য পোহৰলৈ আহিছে ৷
ফেল্ট বিক্ৰীৰ নামৰ প্ৰৱঞ্চনাৰ জাল
ফেল্ট ক্ৰেতাসকলৰ লগত হোৱা চুক্তি অনুযায়ী, ২০১৪ বৰ্ষতেই ফ্লেট আদায় দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য শেষ নকৰি গ্ৰাহকক মাধমাৰ শোধাই আহিছে বিল্ডাৰগৰাকীয়ে ৷ ইফালে ফ্লেটৰ নিৰ্ধাৰিত মূল্য আদায় দিয়া স্বত্ত্বেও বিল্ডাৰগৰাকীয়ে নিৰ্মাণকাৰ্য শেষ নকৰাত ক্ষোভত ফাটি পৰিছে গ্ৰাহকসকল ৷ ইপিনে ফেল্ট নিৰ্মাণ কাৰ্য শীঘ্ৰে সমাপ্ত কৰিবলৈ বিল্ডাৰ সৰিতা আগৰৱালাক জনাই আহিছে যদিও তেওঁ কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত উপায়ন্তৰ হৈ এতিয়া বিল্ডাৰ সৰিতা আগৰৱালা আৰু তেওঁৰ পুত্ৰ প্ৰতীক আগৰৱালাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে ভুক্তভোগীসকলে ৷
সেয়েহে ফ্লেট ক্ৰয়ৰ ক্ষেত্ৰত ভালদৰে ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণৰ আহ্বান ভুক্তভোগীসকলৰ ৷
Last Updated : Mar 24, 2019, 8:54 PM IST