অসম

assam

ETV Bharat / state

পৰম্পৰা ভংগ হ’ব বাজেট অধিৱেশনত ! - বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসম বিধানসভাত দাখিল হ’বলগীয়া সোণোৱাল চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট পুৱাৰ সলনি সন্ধিয়া দাখিল কৰা হ’ব ৷ বিত্তমন্ত্ৰীয়ে দাখিল কৰিবলগা বাজেটত স্থান পাব বিখ্যাত ব্যক্তিৰ বিখ্যাত উত্তিয়ে ৷ তাৰবাবে প্ৰস্তুত কৰা হৈছে 3.30 ঘণ্টীয়া বাজেট ভাষণ ৷

Assam Budget 2020
বাজেট অধিৱেশন 2020

By

Published : Mar 4, 2020, 10:54 PM IST

Updated : Mar 4, 2020, 11:20 PM IST

গুৱাহাটী,৪ মাৰ্চঃ তাহানিৰ পৰম্পৰা অনুসৰি অসম বিধানসভাত দাখিল নহয় এইবৰ্ষৰ বাজেট ৷ সাধাৰণতে পৰম্পৰা অনুসৰিয়ে পুৱাৰ ভাগত সদনত দাখিল কৰি অহা হৈছে বাজেট ৷ কিন্তু পূৰ্বৰ পৰম্পৰা ভংগ কৰি এইবাৰ বাজেট দাখিল কৰা হ’ব বিয়লিৰ ভাগত ৷ ইটিভি ভাৰতৰ হাতত মজুত তথ্য অনুসৰি ৬মাৰ্চৰ বিয়লি ৩.৩০ বজাত বিধানসভাত ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে ৷

দীৰ্ঘকালীন বাজেট ভাষণ প্ৰস্তুত

বিত্ত বিভাগৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে বহু নতুন আকৰ্ষণীয় আঁচনিৰে প্ৰস্তুত কৰি তোলা হৈছে বিত্ত মন্ত্ৰীৰ বাজেট ভাষণ । এই বাজেট ভাষণ পাঠ কৰিবলৈ বিত্তমন্ত্ৰী গৰাকীক প্ৰয়োজন হ’ব প্ৰায় চাৰে তিনি ঘণ্টা সময়ৰ ৷ ইয়াৰোপৰি বিভিন্ন প্ৰাতঃস্মৰণীয় ব্যক্তি,কবি আদিৰ উদ্ধৃতিয়ে ঠাই পাব বিত্তমন্ত্ৰীৰ বাজেট ভাষণত । উল্লেখ্য যে, সোণোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ এইখন হ’ব অন্তিম পূৰ্ণাংগ বাজেট ৷

লগতে চাওকঃচিৰিয়াখানাত বাঘিনীৰ সন্মুখত পৰি মৃত্যু এজনৰ

Last Updated : Mar 4, 2020, 11:20 PM IST

ABOUT THE AUTHOR

...view details