গুৱাহাটী, 1 ফেব্ৰুৱাৰী : সোমবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট ৷ ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা বাজেটত দেশৰ বিভিন্ন বিভাগৰ উন্নয়ন,নতুন আঁচনি মুকলিৰ কথা ঘোষণা কৰিলে ৷ প্ৰতিখন ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবেও বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে বাজেটত ৷
একেদৰে,অসমৰ বাবেও বিশেষ পেকেজ 2021-22 বৰ্ষৰ বাজেটত ৷ অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবেও বাজেটে কঢ়িয়াই আনিছে সুখবৰ ৷ চাহ শ্ৰমিক সকলৰ বাবে বাজেটত ঘোষণা কৰা হৈছে বিশেষ আঁচনি ৷ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷