অসম

assam

ETV Bharat / state

বাজেটৰ পৰা কি বিচাৰে নৱপ্ৰজন্ম তথা সৰ্বসাধাৰণে ! - অসম বিধানসভা

৬ মাৰ্চত অসম বিধানসভাত দাখিল কৰা হ’ব "অসম বাজেট ২০২০" । বিগত চাৰিটা বৰ্ষ অতিক্ৰম কৰা সোণোৱাল চৰকাৰৰ এই বৰ্ষৰ বাজেটখনে হ’ব সোণোৱাল চৰকাৰে দাখিল কৰিবলগীয়া অন্তিমখন পূৰ্ণাংগ বাজেট । আহিবলগীয়া বাজেটখনক লৈ যথেষ্ট আশা সাধাৰণ জনতা তথা যুৱক যুৱতীসকলৰ ৷ সেই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

Budget 2020 reaction of yuva and general people
অসম বাজেট ২০২০

By

Published : Mar 3, 2020, 8:55 PM IST

গুৱাহাটী,3 মাৰ্চঃ ৬ মাৰ্চত অসম বিধানসভাত দাখিল কৰা হ’ব অসম 'বাজেট ২০২০' । ২০১৬ চনত পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰিছিল বিজেপিয়ে । বিগত চাৰিটা বৰ্ষ অতিক্ৰম কৰা সোণোৱাল চৰকাৰৰ এই বৰ্ষৰ বাজেটখনেই হ’ব সোণোৱাল চৰকাৰে দাখিল কৰিবলগীয়া অন্তিমখন পূৰ্ণাংগ বাজেট । আহিবলগীয়া বাজেটখনক লৈ যথেষ্ট আশা সাধাৰণ জনতা তথা যুৱক যুৱতীসকলৰ ৷ বিশেষকৈ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আশাবাদী নৱপ্ৰজন্ম ৷ সকলোৱে বাজেটখন জনমুখী, উন্নয়নমুখী হোৱাটো কামনা কৰাৰ লগতে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি আশা কৰিছে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ‍্যাপক গায়ত্ৰী গোস্বামীৰ মতে,"উন্নয়নৰ ক্ষেত্ৰত বাজেটে বিশেষ গুৰুত্ব দিব বুলি আশাবাদী ৷ লগতে থলুৱা ব‍্যৱসায়ীসকলৰ বেপাৰ-বাণিজ‍্যত সুবিধা হোৱাকৈ যাতে বাজেটখন প্ৰস্তুত হয় আমি সেয়া বিচাৰো" বুলি মন্তব্য প্ৰকাশ কৰে ৷

অসম বাজেট ২০২০

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ‍্যাপক এম পি বেজবৰুৱায়ে কয় যে,"চৰকাৰে এইবাৰ বাজেটত আগৰ যিবোৰ পেনডিং প্ৰজেক্ট আছে সেইবোৰ কাম শেষ কৰাৰ আঁচনি হাতত ল’ব বুলি মই আশাবাদী ৷ চৰকাৰে আঁচনিবোৰৰ ফলাফল দীৰ্ঘম‍্যাদী কৰাৰ ব‍্যৱস্থা লওঁক ৷ ক্ষন্তেকীয়া সময়ৰ কিছুমান সাহাৰ্যই সমস‍্যাৰ স্থায়ী সমাধান নকৰে" বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰৱক্তাগৰাকীয়ে ৷

নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলেও বাজেটক লৈ যথেষ্ঠ আশাবাদী বুলি প্ৰকাশ কৰিছে ৷ ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে বাজেটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ব‍্যক্ত কৰে । কিন্তু একাংশ যুৱক-যুৱতীৰ ভূমিকা বাজেটৰ ক্ষেত্ৰত নিৰাশাজনক হোৱা পৰিলক্ষিত হ’ল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰৰ মতে,"বাজেটক লৈ বিশেষ আশা কৰিবলগীয়া একো নাই ৷ চৰকাৰে কথাৰ ফুলজাৰি মাৰে ৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠিবনে নাই তাত আমাৰ সন্দেহ আছে । অসমত বিজেপি চৰকাৰে ২৫ লাখ নিৱনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিয়ো কাৰ্যক্ষেত্ৰত সেয়া দিঠকত পৰিণত নহ’ল ৷" আনহাতে, কটন বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে নতুন বাজেটখন জনমুখী, উন্নয়নমুখী হোৱাৰ লগতে নিবনুৱাসকলক বিশেষ অগ্ৰাধিকাৰ দিব বুলি আশাবাদী ।

ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃবাজেট অধিবেশনৰ দ্বিতীয় দিনা গৃহৰক্ষী জোৱানৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details