গুৱাহাটী, 9 ডিচেম্বৰ : শাসকীয় দল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰী, ইউপিপিএলৰ ৰনগৌড়া নাৰ্জাৰী প্ৰমুখ্যে কেইবাগৰাকীও নেতাৰ ৰাজনৈতিক ভবিষ্যৎ কাইলৈ নিৰ্ধাৰণ কৰিব বিটিচিৰ দুখন জিলাৰ উনৈশ টা পৰিষদীয় সমষ্টিৰ ভোটাৰে । যোৱা সাত ডিচেম্বৰত নিৰ্বাচনটোৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ওদালগুৰি আৰু বাক্সা জিলাৰ 13 লক্ষাধিক ভোটাৰৰ 75 শতাংশৰো অধিক ভোটাৰে ভোটদান কৰাৰ পিছত কাইলৈৰ ভোটদান আকৰ্ষণীয় হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে । অতি লক্ষনীয় ভাবে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত কোনো ধৰণৰ পুনৰ ভোট গ্ৰহণৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাটো আছিল এইবাৰৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশ ।
কাইলৈ বিটিচিত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ সমষ্টি কেইটা হ’ল ক্ৰমে- পৰ্বতঝোৰা, গুমা, শ্ৰীৰামপুৰ, যমদুৱাৰ, চৰাইবিল, কচুগাঁও, ফকিৰাগ্ৰাম, দতমা, বনৰগাঁও, দেবৰগাঁও, বাওখুংখ্ৰী, ছালাকাটি, চিৰাং, চিৰাং দুৱাৰ, কাজলগাঁও, নিচিমা, ছবাইজৰ, মানস চেৰফাং আৰু থুৰিবাৰী । ইয়াৰে দেবৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদন্দিতা কৰিছে আৰু প্ৰত্যাহ্বান জনাইছে ইউপিপি এলৰ বুদ্ধদেব বৰগয়াৰীয়েন । এই সমষ্টিত আন কোনো প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰা নাই । হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদন্দিতা কৰা আনটো সমষ্টি হ’ল কচুগাঁও । ইয়াতো ইউপিপিএল দল আৰু এগৰাকী মাত্ৰ নিৰ্দলীয় প্ৰাৰ্থীয়েহে প্ৰতিদন্দিতা আগবঢ়াইছে । লক্ষনীয় ভাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদন্দিতা কৰা দুয়োটা সমষ্টিতে বিজেপিৰ কোনো প্ৰাৰ্থী নাই । আনহাতে কাইলৈৰ ভোটদানৰ জড়িয়তে ভাগ্য নিৰূপিত হ’ব ছালাকাটিত প্ৰতিদন্দিতা কৰা ডেৰহাছত মুছাহাৰী, কাজলগাঁওত প্ৰতিদন্দিতা কৰা ৰনগৌড়া নাৰ্জাৰী, চিৰাং দুৱাৰত প্ৰতিদন্দিতা কৰা খাম্ফা বৰগয়াৰীৰ দৰে হাই প্ৰফাইল প্ৰাৰ্থীৰ ।