অসম

assam

ETV Bharat / state

গোৰেশ্বৰৰ পৰা বিটিচি নিৰ্বাচনৰ সবিশেষ

বাক্সাত ৭,৪১,৯১৯ গৰাকী ভোটাৰে 11 টা সমষ্টিত আজি নিৰ্ণয় কৰিব ৭০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ গোৰেশ্বৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক কনক শইকীয়াৰ প্ৰতিবেদন...

বিটিচি নিৰ্বাচনৰ সবিশেষ
বিটিচি নিৰ্বাচনৰ সবিশেষ

By

Published : Dec 7, 2020, 1:24 PM IST

গুৱাহাটী, 7 ডিচেম্বৰ:দেওবাৰে বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয় পুৱা ৭.৩০ বজাৰ পৰা ৷ বাক্সাত ৭,৪১,৯১৯ গৰাকী ভোটাৰে 11 টা সমষ্টিত আজি নিৰ্ণয় কৰিব ৭০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰ ভিতৰত মুছলপুৰত ২০ গৰাকী, তামুলপুৰত ৩৪ গৰাকী, শালবাৰীত ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

গোৰেশ্বৰৰ পৰা বিটিচি নিৰ্বাচনৰ সবিশেষ

জিলাখনত মুঠ 932 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ২৬৮ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে ৷ আনহাতে, ৩৪২ টা কেন্দ্ৰক চিহ্নিত কৰা হৈছে অতি স্পৰ্শকাতৰ হিচাপে ৷ উল্লেখ্য যে, বাক্সা আৰু ওদালগুৰিত মুঠ ৩ লাখ ১৫ হাজাৰ ৪৪৬ গৰাকী ভোটাৰে ভোটদান কৰিবলগীয়া এই নিৰ্বাচনৰ বাবে ১৪ টা মণ্ডলত ভাগ কৰি ৩৪ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। ৷

লগতে পঢ়ক:ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

ABOUT THE AUTHOR

...view details